Skip to content

الفضل بن العباس

الإسم

আল-ফজল ইবনে আব্বাছ

اسم الشهرة

ফজল ইবনে আব্বাছ -ৰাদ্বিয়াল্লাহু আনহুমা-

نبذة مختصرة

আল-ফজল ইবনে আব্বাছ ইবনে আব্দুল মুত্তালিব ইবনে হাশ্বিম ইবনে আব্দে মানাফ আল-কুৰাশ্বী আল-হাশ্বিমী, আবু মুহাম্মদ আৰু আবু আব্দুল্লাহ। তেওঁ এজন সন্মানীয় চাহাবী আছিল। তেওঁ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰাৰ ল’ৰা। তেওঁ আব্বাছৰ ডাঙৰ সন্তান আছিল। আব্বাছক তেওঁৰ নামেৰেই সম্পৃক্ত কৰা হৈছিল। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ৮ হিজৰীত মক্কা বিজয়ত অংশ লৈছিল, আৰু হুনাইনতো অংশগ্ৰহণ কৰিছিল। সেই যুদ্ধত যেতিয়া আক্ৰমণৰ তীব্ৰতাত সেনাবাহিনী পিছুৱাই গৈছিল, ৰাছুলৰ লগত দৃঢ়তাৰে থিয় দিয়া আহলে বাইত আৰু তেওঁৰ চাহাবাসকলৰ ভিতৰত তেৱোঁ আছিল এজন। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বিদায় হজ্জত অংশ গ্ৰহণ কৰিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মুজদলিফাৰ পৰা মিনালৈ তেখেত আৰোহণ কৰা বাহনত তেওঁক পিছফালে বহুৱাই লৈছিল। এই কাৰণেই তেওঁক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ‘ৰাদীফ’(পিছফালে আৰোহণকাৰী) বুলি কোৱা হৈছিল। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু দেখিছিল তেখেতৰ গোছল কাৰ্যত অংশ লৈছিল, তেওঁ আলী ইবনে আবি তালিবক পানী ঢালি দিয়াত সহায় কৰিছিল। তেওঁৰ মৃত্যুৰ সময়কলৈ মতানৈক্য আছে, কিন্তু আটাইতকৈ বিশুদ্ধ মতামতটো হৈছে এই যে, তেওঁ মুজাহিদ হিচাপে ছিৰিয়ালৈ গৈছিল, আৰু তাতেই জৰ্ডানৰ ওচৰৰ কোনোবা এটা ঠাইত আমৱাছৰ মহামাৰীত ১৮ হিজৰীত ওমৰ ইবনুল খাত্তাবৰ খিলাফতৰ সময়ত তেওঁৰ মৃত্যু হৈছিল।

المراجع

অধিক (1)
أسد الغابة (4/349) الإصابة في تمييز الصحابة (5/287) الأعلام للزركلي (5/149).