أم كلثوم بنت نبينا محمد بن عبد الله القرشية الهاشمية
الإسم
উম্মে কুলছুম বিন্তে মুহাম্মদ বিন আব্দুল্লাহ আল-কুৰাশ্বীয়্যাহ আল-হাশ্বিমিয়্যাহ, আমাৰ প্ৰিয় নবীৰ কন্যা
اسم الشهرة
উম্মে কুলছুম ৰাদ্বিয়াল্লাহু আনহা
نبذة مختصرة
উম্মে কুলছুম আল-কুৰাশ্বিয়্যা আল-হাশ্বিমিয়্যাহ, তেওঁ আছিল আমাৰ প্ৰিয় নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) ইবনে আব্দুল্লাহ ইবনে আব্দুল মুত্তালিবৰ কন্যা। তেওঁৰ মাতৃৰ নাম আছিল খাদিজাহ বিন্তে খুৱাইলিদ। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নবী হোৱাৰ পূৰ্বেই আবু লাহাবৰ পুত্ৰ উতাইবাৰ সৈতে তেওঁক বিয়া দিছিল, কিন্তু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম নবুওৱত লাভ কৰাৰ পিছত যেতিয়া এই আয়াত অৱতীৰ্ণ হ’ল {تَبَّتْ يَدَا بَبِي لَهَبٍ} যাৰ অৰ্থ হৈছে: “আবু লাহাবৰ দুয়ো হাত ধ্বংস হওক”, তেতিয়া উতাইবাৰ পিতা আবু লাহাবে তাক ক’লে: তুমি যদি মুহাম্মদৰ কন্যাক তালাক নিদিয়া তেন্তে তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাথাকিব। তাৰ পিছত উতাবাই তেওঁক তালাক দিছিল, তেওঁলোকৰ মাজত কোনো বৈবাহিক সম্পৰ্ক (সহবাস) হোৱা নাছিল। ইয়াৰ পিছত উম্মে কুলছুম পিতৃ মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আৰু মাতৃ খাদিজাৰ সৈতে মক্কাতেই বসবাস কৰি আছিল। তেওঁ মাকৰ সৈতেই ইছলাম গ্ৰহণ কৰিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া নাৰীসকলৰ পৰা বাইআত গ্ৰহণ কৰিলে তেতিয়া তেৱোঁ বাইআত লৈছিল। ইয়াৰ পিছত তেওঁ মদিনালৈ হিজৰত কৰিছিল। যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা ৰূকাইয়্যাহ মৃত্যুবৰণ কৰিলে, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক উচমান ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে বিবাহ দিলে। এইটো হিজৰতৰ তৃতীয় বছৰত ৰবীঊল আওৱাল মাহত হৈছিল। সেই বছৰৰে জুমাদাল আখিৰা মাহৰ শেষৰ ফালে তেওঁ নিজৰ গৃহত প্ৰৱেশ কৰিছিল। তেওঁ নৱম হিজৰীত মৃত্যুৰ আগলৈকে উচমান ৰাদ্বিয়াল্লাহু আনহুৰ নিকাহতেই আছিল। তেওঁৰ কোনো সন্তান নাছিল।