الحسن بن علي بن أبي طالب
الإسم
হাছান ইবনু আলী ইবনে আবী তালিব
اسم الشهرة
আল-হাছান বিন আলী -ৰাদ্বিয়াল্লাহু আনহুমা-
نبذة مختصرة
হাছান ইবনু আলী ইবনে আবি তালিব আল-হাশ্বিমী আল-কুৰাইশ্বী, আবু মুহাম্মদ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৌহিত্র। তেওঁ তৃতীয় হিজৰীত জন্মগ্রহণ কৰিছিল। তেওঁ খোলাফায়ে ৰাশ্বিদীনৰ পঞ্চম আৰু অন্তিম খলীফা আছিল। তেওঁ মদীনা মুনাওৱাৰাত জন্মগ্রহণ কৰিছিল। তেওঁ মাতৃ ফাতিমাতুজ যাহৰা হৈছে আল্লাহৰ ৰাছুল চাল্লাল্লাহু অছাল্লামৰ কন্যা। তেওঁ মাকৰ প্রথম তথা ডাঙৰ সন্তান আছিল। তেওঁ অত্যন্ত বিবেকসম্পন্ন, ধৈর্যশীল আৰু উত্তম কৰ্মৰ প্রতি আগ্রহান্বিত আছিল। তেওঁ মানুহৰ মাজত অত্যন্ত শুদ্ধভাষী তথা উত্তম কথা কোৱা, লগতে উপস্থিত বুদ্ধিসম্পন্ন ব্যক্তি আছিল। তেওঁ খোজকাঢ়ি বিশ বাৰ হজ্জ কৰিছিল। হাছান ৰাদ্বিয়াল্লাহু আনহুৱে নিজকে খিলাফতৰ পৰা আঁতৰাই ৪১ হিজৰীত মুৱাৱিয়াৰ ওচৰত খিলাফতৰ দায়িত্ব সমৰ্পণ কৰিছিল। সেইকাৰণে এই বছৰক কোৱা হয় জামা‘আতৰ বছৰ। যিহেতু এই বছৰতেই মুছলমানসকল এটা প্লেটফৰ্মত উপনীত হৈছিল। ইয়াৰ পিছত হাছান ৰাদ্বিয়াল্লাহু আনহু মদীনালৈ গৈছিল আৰু বেলেগ এটা বৰ্ণনা অনুযায়ী তেওঁ মৃত্যু পৰ্যন্ত তাতেই অৱস্থান কৰিছিল। অৱশেষত তেওঁক বিষ প্রয়োগ কৰি হত্যা কৰিছিল। তেওঁৰ খিলাফতৰ সময়কাল আছিল ছয় মাহ পাঁচ দিন। তেওঁ ৫০ হিজৰীত মৃত্যুবৰণ কৰিছে।