Skip to content

الحسن بن يسار البصري

الإسم

হাছান ইবনে এছাৰ আল-বাচৰী

اسم الشهرة

হাছান আল-বাচৰী

نبذة مختصرة

আল-হাছান ইবনে এছাৰ আল-বাচৰী, আবু ছা‘ঈদ। তেওঁ আছিল এজন ফকীহ তাবেয়ী তথা অধিক হাদীছ বৰ্ণনাকাৰী। তেওঁ একৈশ হিজৰীত মদীনাত জন্ম গ্রহণ কৰিছিল। তেওঁ বছৰাবাসীৰ ইমাম আছিল। সেই সময়ত তেওঁ বিদ্বান ব্যক্তি আছিল। তেওঁ অধিক ইবাদাতগুজাৰ, সাহসী, শুদ্ধভাষী, আলিম তথা ফকীহ আছিল। তেওঁ বচৰাত (এখন ঠাইৰ নাম) বসবাস কৰিছিল। তেওঁৰ ভাৱ-গাম্ভীর্য অন্তৰসমূহত প্ৰভাৱ বিস্তাৰ কৰিছিল। সেয়ে তেওঁ শাসকসকলৰ ওচৰতগৈ তেওঁলোকক সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিছিল। তেওঁ সত্যৰ ক্ষেত্ৰত কাৰো ভৰ্ৎসনাক ভ্ৰূক্ষেপ কৰা নাছিল। হাজ্জাজ ইবনে ইউছুফৰ সৈতে তেওঁৰ কিছুমান ঘটনা আছিল। তেওঁ তাৰ নিৰ্যাতনৰ পৰা নিৰাপদ আছিল। ওমৰ ইবনু আব্দুল আজীজ যেতিয়া খিলাফতত অধিষ্টিত হ’ল, তেতিয়া তেখেত তেওঁৰ ওচৰলৈ লিখি পঠিয়ালে: মই এই (ক্ষমতাৰ) দায়িত্বত পৰি ফচি গৈছোঁ, মোৰ বাবে কেইজনমান সহযোগী বিচাৰি দিয়ক, যিসকলে মোক এই ক্ষেত্ৰত সহায় কৰিব। হাছান ৰাহিমাহুল্লাহে তেখেতক উত্তৰত লিখিলে যে, যিসকলে দুনিয়াদাৰ আপুনি সিহঁতক নিবিচাৰে, আনহাতে যিসকলে আখিৰাতমুখী সিহঁতে আকৌ আপোনাক নিবিচাৰে; গতিকে আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰক। তেওঁ ১১০ হিজৰীত এই পৃথিৱী ত্যাগ কৰিছে।

المراجع

অধিক (1)
تاريخ ابن معين، رواية الدوري (4/ 176) معجم الأدباء، إرشاد الأريب إلى معرفة الأديب (3/ 1023) مغاني الأخيار في شرح أسامي رجال معاني الآثار (1/ 207) الأعلام للزركلي (2/ 226)