حذيفة بن حسل بن جابر العبسي
الإسم
হুজাইফা ইবনে হাছাল ইবনে জাবিৰ আল-আবাছী
اسم الشهرة
হুজাইফা বিন য়ামান -ৰাদ্বিয়াল্লাহু আনহু-
نبذة مختصرة
হুজাইফা ইবনুল এমান আল-আবাছী। তেওঁৰ পিতাই কোনো এজন ব্যক্তিক হত্যা কৰিছিল, ফলত তেওঁ ভয়তে পলায়ন কৰি মদীনালৈ গুচি আহিছিল। ইয়াত আহি তেওঁ বনু আব্দুল আশ্বহালৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। এমানী বংশধৰসকলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ কাৰণে তেওঁৰ গোত্ৰই তেওঁক আল-এমান নামকৰণ কৰিছিল। ইয়াৰ পিছত তেওঁ হুজাইফাৰ মাকক বিবাহ কৰায়। মদীনাতেই তেওঁৰ সন্তান হয়। হুজাইফা আৰু তেওঁৰ পিতা উভয়েই ইছলাম গ্ৰহণ কৰিছিল। হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে খন্দক আৰু তাৰ পৰৱর্তী যুদ্ধসমূহত অংশগ্রহণ কৰিছিল। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক মাদাঈনৰ গভর্নৰ নিযুক্ত কৰিছিল। বাকী জীৱন তেওঁ তাতেই অৱস্থান কৰিছিল। উছমান ৰাদ্বিয়াল্লাহু আনহুৰ হত্যাৰ পিছত আলী ৰাদ্বিয়াল্লাহু আনহুৰ বাই‘আত হোৱাৰ মাত্ৰ চল্লিশ দিন পিছত তেওঁ মৃত্যুবৰণ কৰিছিল। বুখাৰী আৰু মুছলিমত আহিছে, আবুদ দাৰদা ৰাদ্বিয়াল্লাহু আনহুৱে আলকামাক কৈছিল: তোমালোকৰ মাজত চাহিবুছ-ছিৰ (গোপন তথ্য জনা ব্যক্তি) নাইনে, যি তথ্য তেওঁৰ বাহিৰে আন কোনেও নাজানে? অর্থ্যাৎ হুজাইফা। বুখাৰী আৰু মুছলিমত আৰু আছে যে, ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হুজাইফাক ফিতনাৰ ফিতনাৰ বিষয়ে সুধিছিল। হুজাইফা ৰাদ্বিয়াল্লাহু আনহু ইৰাকৰ অভিযানসমূহতো অংশগ্ৰহণ কৰিছিল। অৱশেষত তেওঁ ৩৬ হিজৰীত মৃত্যুবৰণ কৰিছে।