Skip to content

ৰমজানৰ ৰাতিবোৰত মহিলাসকলে ঘৰত নামাজ পঢ়া উত্তম নে মছজিদত- বিশেষকৈ মছজিদত যদি ওৱাজ-নছীহতৰ ব্যৱস্থা থাকে? যিসকল মহিলাই মছজিদত গৈ নামাজ পঢ়ে, তেওঁলোকৰ বিষয়ে আপোনাৰ পৰামৰ্শ বিচাৰিছোঁ?

السؤال

প্ৰশ্ন নং ১-

ৰমজানৰ ৰাতিবোৰত মহিলাসকলে ঘৰত নামাজ পঢ়া উত্তম নে মছজিদত- বিশেষকৈ মছজিদত যদি ওৱাজ-নছীহতৰ ব্যৱস্থা থাকে? যিসকল মহিলাই মছজিদত গৈ নামাজ পঢ়ে, তেওঁলোকৰ বিষয়ে আপোনাৰ পৰামৰ্শ বিচাৰিছোঁ?

س26: أيّهما أفضل للمرأة: أن تصلّي في ليالي رمضان في بيتها، أو في المسجد، وخصوصًا إذا كان فيه مواعظ وتذكيرٌ؟ وما توجيهك للنّساء اللاتي يصلّين في المساجد؟

الجواب

উত্তৰঃ

নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ সাধাৰণ ঘোষণা মতে মহিলাসকলে ঘৰত নামাজ পঢ়াই উত্তম। তেখেতে কৈছেঃ

“তেওঁলোকৰ বাবে তেওঁলোকৰ ঘৰেই উত্তম”।

কিয়নো বেছিভাগ ক্ষেত্ৰতে মহিলাসকলে ঘৰৰ পৰা ওলোৱাটো ফিৎনামুক্ত নহয়। এই দৃষ্টিকোণেৰে মছজিদত যোৱাতকৈ ঘৰত অৱস্থান কৰাই তেওঁলোকৰ বাবে অধিক কল্যাণকৰ। ওৱাজ-নছীহত আদি বিভিন্ন মাধ্যমত তেওঁলোকে ঘৰতেই শুনিব পাৰে।

আনহাতে যিসকলে মছজিদত গৈ নামাজ আদায় কৰে, সেইসকল মহিলালৈ মোৰ এইটোৱে পৰামৰ্শ যে, তেওঁলোকে যেন মছজিদত যোৱাৰ সময়ত কোনো ধৰণৰ সৌন্দৰ্য্য অৱলম্বন নকৰে আৰু সুগন্ধি (আতৰ) আদি ব্যৱহাৰ নকৰে।

ﺟ26: الأفضل أن تصلّي في بيتها؛ لعموم قول النبيّ ﷺ:

«وَبُيُوتُهُنَّ خَيْرٌ لَهُنَّ» [1]،

ولأن خروج النّساء لا يسلم من فتنةٍ في كثيرٍ من الأحيان، فكون المرأة تبقى في بيتها خيرٌ لها من أن تخرج للصلاة في المسجد، والمواعظ والحديث يمكن أن تحصل عليها بواسطة الشريط.

[9] رواه أبو داود، كتاب الصلاة، باب ما جاء في خروج النساء إلى المساجد (567).

وتوجيهي للاتي يصلّين في المسجد: أن يخرجن من بيوتهن غير متبرّجاتٍ بزينةٍ، ولا متطيّباتٍ.