যদি কোনো নাৰীয়ে তাইৰ মাহেকীয়া ঋতুস্ৰাৱৰ নির্ধাৰিত সময়ত এদিন তেজ দেখা পায় কিন্তু তাৰ পিছৰ দিনা গোটেই দিনটো তেজ দেখা নাপায়, তেনেক্ষেত্রত তাইৰ কৰণীয় কি হ’ব?
السؤال
প্ৰশ্ন নং ১-
যদি কোনো নাৰীয়ে তাইৰ মাহেকীয়া ঋতুস্ৰাৱৰ নির্ধাৰিত সময়ত এদিন তেজ দেখা পায় কিন্তু তাৰ পিছৰ দিনা গোটেই দিনটো তেজ দেখা নাপায়, তেনেক্ষেত্রত তাইৰ কৰণীয় কি হ’ব?
س15: إذا رأت المرأة في زمن عادتها يومًا دمًا، والذي يليه لا ترى الدم طيلة النهار، فماذا عليها أن تفعل؟
الجواب
উত্তৰঃ
স্বাভাৱিকতে ঋতুস্ৰাৱৰ দিনবোৰত দেখা দিয়া এনেকুৱা পৱিত্ৰতা বা শুকান অৱস্থাক হায়েজ বুলিয়েই গণ্য কৰা হয়, সেইটোক পৱিত্ৰতা বুলি গণ্য কৰা নহয়। গতিকে সাধাৰণ হায়েজ অৱস্থাত যিবোৰৰ পৰা বিৰত থাকিব লাগে সেইবোৰৰ পৰা বিৰত থাকিব।
আনহাতে কিছুমান ওলামাই কৈছেঃ যদি কোনো মহিলাই এদিন তেজ দেখে আৰু এদিন স্বচ্ছতা দেখা পায়, তেনেহ’লে সেই তেজ থকা দিনটোক হায়েজ হিচাপে লব আৰু শুকান অৱস্থাটোক পৱিত্ৰতা হিচাপে লব। পোন্ধৰ দিনলৈকে এই বিধান বলৱৎ থাকিব।
পোন্ধৰ দিন অতিক্রম হোৱাৰ পিছতো যদি এনেকুৱা অৱস্থা থাকে, তেনেহ’লে সেইটোক ইস্তেহাজা হিচাপে গণ্য কৰা হ’ব। এইটো হৈছে ইমাম আহমাদ বিন হাম্বল (ৰাহিমাহুল্লাহ)ৰ মাজহাবৰ প্ৰসিদ্ধ অভিমত।
ﺟ15: الظاهر أن هذا الطّهر أو اليبوسة التي حصلت لها في أيام حيضها تابعٌ للحيض، فلا يعتبر طهرًا، وعلى هذا فتبقى ممتنعةً ممّا تمتنع منه الحائض.
وقال بعض أهل العلم: من كانت ترى يومًا دمًا، ويومًا نقاءً، فالدم حيضٌ، والنقاء طهرٌ حتى يصل إلى خمسة عشر يومًا،
فإذا وصل إلى خمسة عشر يومًا صار ما بعده دم استحاضةٍ. وهذا هو المشهور من مذهب الإمام أحمد بن حنبلٍ رحمه الله.