কোৰআনখনেই আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ।
ছাআদ বিন হিশ্বাম বিন আমিৰ যেতিয়া আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ গৈছিল, তেতিয়া তেওঁ তেখেতক সুধিছিলঃ
হে মুমিনসকলৰ মাতৃ! আপুনি মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ সম্পৰ্কে কওকচোন। এই কথা শুনি তেখেতে ক'লেঃ তুমি কোৰআন পঢ়া নাইনে? মই ক'লোঁ, হয় নিশ্চয় পঢ়োঁ। তেখেতে ক'লেঃ কোৰআনখনেই আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ।
يَا أُمَّ الْمُؤْمِنِينَ، أَنْبِئِينِي عَنْ خُلُقِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَتْ: أَلَسْتَ تَقْرَأُ الْقُرْآنَ؟ قُلْتُ: بَلَى، قَالَتْ: فَإِنَّ خُلُقَ نَبِيِّ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ الْقُرْآنَ.
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ সম্পৰ্কে সোধা হৈছিল, তেতিয়া তেখেতে গভীৰ অৰ্থপূৰ্ণ শব্দৰে উত্তৰ দিছিল আৰু প্ৰশ্নকৰ্তাক কোৰআনৰ কথা কৈছিল, যিখন কিতাব সকলো প্ৰকাৰ পূৰ্ণাংগ গুণেৰে গুণাম্বিত। তেখেতে উত্তৰ প্ৰদান কৰি কৈছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল কোৰআনৰ চৰিত্ৰৰে চৰিত্ৰৱান। অৰ্থাৎ কোৰআনত যি যি নিৰ্দেশ আহিছে সেইটো তেখেতে পালন কৰিছিল, আৰু কোৰআনত যিটোৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে, সেইটোক তেখেতে পৰিত্যাগ কৰিছিল। এইদৰে তেখেতৰ চৰিত্ৰৰ সাৰাংশ হৈছে এই যে, তেখেতে কোৰআনক আমলত পৰিণত কৰিছিল, কোৰআনে বান্ধি দিয়া সীমা কেতিয়াও উলংঘা কৰা নাছিল, কোৰআনত বৰ্ণিত শিষ্টাচাৰসমূহ বাস্তৱায়ন কৰিছিল, লগতে কোৰআনত বৰ্ণিত উদাহৰণসমূহ আৰু ঘটনাৱলীৰ পৰা শিক্ষা লৈছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শৰে আদৰ্শিত হৈ কোৰআনৰ নৈতিক শিক্ষাৰ প্ৰতি আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰক প্ৰশংসা কৰা হৈছে, আৰু এই কথা কোৱা হৈছে যে, কোৰআনেই আছিল তেখেতৰ চৰিত্ৰৰ মূল উৎস।
কোৰআনেই হৈছে সকলো প্ৰকাৰ উত্তম চৰিত্ৰৰ মূল উৎস।
ইছলামত চৰিত্ৰৰ দ্বাৰা মূলতে দ্বীনৰ সকলো বিষয়কে সামৰি লোৱা হৈছে, যেনে- নিৰ্দেশসমূহ পালন কৰা আৰু নিষেধকৃত বিষয়বোৰৰ পৰা বিৰত থকা আদি।
ছহীহ মুছলিম (1/ 512) (746).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (3/ 308).
شرح رياض الصالحين.
لابن عثيمين (6/ 660).
نزهة المتقين شرح رياض الصالحين.
لمصطفى الخن وغيره (2/ 1253).
كنوز رياض الصالحين.
لمجموعة من الباحثين (21/ 556).