তোমালোকৰ মাজৰ কোনোবাই যদি অজু কৰি মোজা পৰিধান কৰে, তেন্তে তেওঁ যেন সেই মোজাৰ ওপৰত মছেহ কৰে। এই মোজা পৰিধান কৰিয়ে তেওঁ নামাজ পঢ়িব পাৰিব। আনহাতে ডাঙৰ নাপাকী নোহোৱাকৈ এইটো খোলাৰ প্ৰয়োজন নাই।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"তোমালোকৰ মাজৰ কোনোবাই যদি অজু কৰি মোজা পৰিধান কৰে, তেন্তে তেওঁ যেন সেই মোজাৰ ওপৰত মছেহ কৰে। এই মোজা পৰিধান কৰিয়ে তেওঁ নামাজ পঢ়িব পাৰিব। আনহাতে ডাঙৰ নাপাকী নোহোৱাকৈ এইটো খোলাৰ প্ৰয়োজন নাই।"
«إِذَا تَوَضَّأَ أَحَدُكُمْ وَلَبِسَ خُفَّيْهِ فَلْيُصَلِّ فِيهِمَا، وَلْيَمْسَحْ عَلَيْهِمَا ثُمَّ لَا يَخْلَعْهُمَا إِنْ شَاءَ إِلَّا مِنْ جَنَابَةٍ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা উল্লেখ কৰিছে যে, যদি কোনো মুছলিম ব্যক্তিয়ে অজু কৰাৰ পিছত মোজা পৰিধান কৰে, ইয়াৰ পিছত অজু ভংগ হোৱাৰ ফলত তেওঁ অজু কৰিব বিচাৰিলে সেই মোজাৰ ওপৰতে মছেহ কৰিব পাৰিব। লগতে নিৰ্দিষ্ট সময় পৰ্যন্ত এই মোজা নোখোলাকৈয়ে নামাজ পঢ়িব পাৰিব। কিন্তু যদি গোছল ফৰজ হয় তেন্তে মোজা খুলিব লাগিব।
পূৰ্ণাংগৰূপে পৱিত্ৰতা অৰ্জন কৰাৰ পিছত মোজা পৰিধান কৰিলেহে সেই মোজাৰ ওপৰত মছেহ কৰা বৈধ।
মুকীমৰ বাবে মছেহৰ সময়সীমা হৈছে, এদিন এক ৰাতি। আনহাতে মুছাফিৰৰ বাবে সময়সীমা হৈছে তিনিদিন তিনি ৰাতি।
মোজাৰ ওপৰত মছেহ কেৱল সৰু নাপাকীৰ ক্ষেত্ৰতহে নিৰ্দিষ্ট, ডাঙৰ নাপাকীৰ ক্ষেত্ৰত নহয়। কিয়নো ডাঙৰ নাপাকীৰ ক্ষেত্ৰত মছেহ কৰা বৈধ নহয়। এই ক্ষেত্ৰত মোজা খুলি ভৰি ধোৱাটো অনিবাৰ্য।
ইয়াহুদীসকলৰ বিৰোধিতা কৰি চামৰাৰ মোজা পৰিধান কৰি বা জোতা পিন্ধি নামাজ পঢ়া মুস্তাহাব, যদিহে জোতাত কোনো ধৰণৰ অপৱিত্ৰতা লাগি নাথাকে। লগতে মুচল্লীসকলৰ বাবে আৰু মছজিদৰ বাবে যাতে ক্ষতিকৰ নহয়। উদাহৰণস্বৰূপে কালিন পাৰি থোৱা মছজিদত পঢ়া উচিত নহয়।
মোজাৰ ওপৰত মছেহ কৰাৰ অনুমতিটো হৈছে এই উম্মতৰ বাবে এক প্ৰকাৰ সকাহ তথা সুবিধা।
ছুনান দাৰু কুতনী (1/ 376) (781).
অধিক (4)
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (1/ 274).
سبل السلام شرح بلوغ المرام.
للصنعاني (1/ 86).