Skip to content

যি ব্যক্তিয়ে পুৱা-গধূলি মছজিদলৈ যায় আৰু যিমানবাৰ যায়, সিমান বাৰেই আল্লাহে তেওঁৰ বাবে জান্নাতত আপ্যায়ন সামগ্ৰী প্ৰস্তুত কৰে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যি ব্যক্তিয়ে পুৱা-গধূলি মছজিদলৈ যায় আৰু যিমানবাৰ যায়, সিমান বাৰেই আল্লাহে তেওঁৰ বাবে জান্নাতত আপ্যায়ন সামগ্ৰী প্ৰস্তুত কৰে।"

«مَنْ غَدَا إِلَى الْمَسْجِدِ أَوْ رَاحَ أَعَدَّ اللهُ لَهُ فِي الْجَنَّةِ نُزُلًا، كُلَّمَا غَدَا أَوْ رَاحَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মছজিদলৈ অহা প্ৰত্যেক সেই ব্যক্তিক সুসংবাদ দিছে, যিয়ে মছজিদলৈ আহে, ইবাদতৰ বাবেই হওক অথবা ইল্ম অৰ্জনৰ বাবেই হওক নাইবা বেলেগ কোনো কল্যাণকৰ কামৰ উদ্দেশ্যেই আহক, যি সময়তে নাহক কিয়, দিনৰ প্ৰথম সময়ছোৱাত আহক বা শেষৰ সময়ছোৱাত, আল্লাহে তাৰ বাবে জান্নাতত আতিথ্যৰ ব্যৱস্থা কৰে আৰু আপ্যায়নৰ বাবে উত্তম ঠাই প্ৰস্তুত কৰে। দিনে ৰাতি যি সময়তে তেওঁ মছজিদলৈ আহে সেই সময়তে তাৰ বাবে এই প্ৰস্তুতি লোৱা হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত মছজিদত যোৱাৰ ফজীলত বৰ্ণিত হৈছে। লগতে জামাআতত নামাজ পঢ়িবলৈ উৎসাহিত কৰা হৈছে। মছজিদৰ পৰা আঁতৰি থকা বহুতেই এই কল্যাণ, ছোৱাব, প্ৰতিদান আৰু সেই আপ্যায়নৰ পৰা বঞ্চিত হয়, যিটো মহান আল্লাহে নিজে প্ৰস্তুত কৰে সেই ব্যক্তিৰ বাবে যিয়ে তেওঁৰ ঘৰত আহি উপস্থিত হয়।

যিহেতু মানুহেও নিজৰ ঘৰলৈ অহা অতিথিক আপ্যায়ন কৰিবলৈ পানাহাৰৰ ব্যৱস্থা কৰে, তেনে ক্ষেত্ৰত সৃষ্টিৰ তুলনাত মহান আল্লাহ সৰ্বোচ্চ দানশীল তথা অত্যন্ত উদাৰ। এতেকে তেওঁৰ ঘৰলৈ অহা অতিথিক তেওঁ সেই মতেই আপ্যায়ন কৰে, আৰু আল্লাহে তাৰ বাবে মহা প্ৰতিদান জান্নাতত প্ৰস্তুত কৰি ৰাখে।

গতিকে মছজিদত যোৱাৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰা উচিত আৰু আনন্দিত হোৱা উচিত। কাৰণ মছজিদলৈ অহা যোৱা কৰা ব্যক্তিৰ বাবে আপ্যায়নৰ ব্যৱস্থা কৰা হয়, যিমান বাৰ অহা যোৱা কৰে।

সম্পাদক

ছহীহ বুখাৰী (1/ 133) (662).

ছহীহ মুছলিম (1/ 463) (669).

অধিক (6)

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 153).

شرح رياض الصالحين.

لابن عثيمين (2/ 166).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 204).