Skip to content

যেতিয়া তোমালোকে আজান শুনিবা, তেতিয়া সেইদৰেই ক'বা যিদৰে মুআজ্জিনে কয়।

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যেতিয়া তোমালোকে আজান শুনিবা, তেতিয়া সেইদৰেই ক'বা যিদৰে মুআজ্জিনে কয়।"

«إِذَا سَمِعْتُمُ النِّدَاءَ، فَقُولُوا مِثْلَ مَا يَقُولُ المُؤَذِّنُ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

উক্ত হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আজানৰ উত্তৰ দিবলৈ উৎসাহিত কৰিছে। আজানত মুআজ্জিনে যিদৰে কয় ঠিক সেইদৰে প্ৰতিটো বাক্যৰ এটা এটাকৈ উত্তৰ দিবলৈ কৈছে। যেতিয়া তেওঁ তাকবীৰ দিয়ে (অৰ্থাৎ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ বুলি কয়), ইয়াৰ পিছত আমিও তাকবীৰ দিব লাগে। এইদৰে যেতিয়া তেওঁ শ্বাহাদাতাইন উচ্চাৰণ কৰে (অৰ্থাৎ আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ আৰু আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছূলুল্লাহ কয়) তেতিয়া আমিও সেইদৰেই ক'ব লাগে। কেৱল "হাই আলাচ্ছালাহ" আৰু "হাই আলাল ফালাহ"ৰ বাহিৰে, কাৰণ ইয়াৰ পিছত, "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ" বুলি ক'ব লাগে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৰ সাধাৰণ অৰ্থই এইটো বুজায় যে, যদি এজন মুআজ্জিনৰ আজানৰ উত্তৰ দিওঁতেই আন এজন মুআজ্জিনৰ আজান শুনা যায় তেন্তে প্ৰথম মুআজ্জিনৰ আজানৰ উত্তৰ দিয়াৰ পিছত দ্বিতীয় মুআজ্জিনৰ আজানৰ উত্তৰ দিব লাগে।

প্ৰস্ৰাৱ পায়খানাৰ অৱস্থাত থকাৰ বাহিৰে, বাকী যিকোনো অৱস্থাতে মুআজ্জিনৰ আজানৰ উত্তৰ দিব লাগে।

সম্পাদক

ছহীহ বুখাৰী (1/ 126) (611).

ছহীহ মুছলিম (1/ 288) (383).

অধিক (4)

تيسير العلام شرح عمدة الأحكام.

للبسام (ص120).

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (1/ 98).