Skip to content

থিয় হৈ চালাত আদায় কৰা, যদি নোৱাৰা তেন্তে বহি আদায় কৰা, যদি বহিও নোৱাৰা তেন্তে কাতি হৈ শুই শুই আদায় কৰা।

ইমৰাণ বিন হুচাইন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মোৰ কেচুমূৰীয়া বেমাৰ আছিল। সেয়ে মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নামাজ পঢ়া সম্পৰ্কে সুধিলোঁ। তেখেতে ক'লেঃ

থিয় হৈ চালাত আদায় কৰা, যদি নোৱাৰা তেন্তে বহি আদায় কৰা, যদি বহিও নোৱাৰা তেন্তে কাতি হৈ শুই শুই আদায় কৰা।

«صَلِّ قَائِمًا، فَإِنْ لَمْ تَسْتَطِعْ فَقَاعِدًا، فَإِنْ لَمْ تَسْتَطِعْ فَعَلَى جَنْبٍ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, নামাজ মূলতে থিয় হৈ পঢ়িব লাগে, কিন্তু অক্ষমতা অৱস্থাতহে বহি পঢ়িব পাৰে। যদি বহি পঢ়িবলৈও সক্ষম নহয় তেন্তে তেওঁ কাতি হৈ শুই নামাজ পঢ়িব।

শব্দাৰ্থ

بواسير: جمع باسور، وهو ورم يصيب مقعدة الإنسان.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হুঁচ বা চেতনা থকালৈকে নামাজ মাফ নহয়। কিন্তু এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ ৰূপান্তৰিত হৈ নামাজ পঢ়াৰ বিষয়টো সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে।

ইছলাম হৈছে এটা সহজ তথা সৰল ধৰ্ম, ইয়াত সক্ষমতা অনুযায়ী ইবাদতকো সহজ কৰা হৈছে।

সম্পাদক

ছহীহ বুখাৰী (2/ 48) (1117).

অধিক (4)

توضيح الأحكام من بلوغ المرام.

لعبدالله البسام (2/ 322).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (3/ 202).