(হে আল্লাহৰ ৰাছুল) আমাৰ মনত এনেকুৱা কিছুমান কথা উদ্ভৱ হয়, যিবোৰ কথা মুখেৰে উচ্চাৰণ কৰাটোক আমি মাৰাত্মক বুলি ভাবোঁ। তেখেতে ক'লেঃ "সঁচাই তোমালোকে এইটো অনুভৱ কৰানে?" তেওঁলোকে ক'লেঃ হয়। তেখেতে ক'লেঃ "সেইটোৱে হৈছে স্পষ্ট ঈমানৰ পৰিচয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
কিছুমান চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি সুধিলেঃ (হে আল্লাহৰ ৰাছুল) আমাৰ মনত এনেকুৱা কিছুমান কথা উদ্ভৱ হয়, যিবোৰ কথা মুখেৰে উচ্চাৰণ কৰাটোক আমি মাৰাত্মক বুলি ভাবোঁ। তেখেতে ক'লেঃ "সঁচাই তোমালোকে এইটো অনুভৱ কৰানে?" তেওঁলোকে ক'লেঃ হয়। তেখেতে ক'লেঃ "সেইটোৱে হৈছে স্পষ্ট ঈমানৰ পৰিচয়।"
جَاءَ نَاسٌ مِنْ أَصْحَابِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَسَأَلُوهُ: إِنَّا نَجِدُ فِي أَنْفُسِنَا مَا يَتَعَاظَمُ أَحَدُنَا أَنْ يَتَكَلَّمَ بِهِ، قَالَ: «وَقَدْ وَجَدْتُمُوهُ؟» قَالُوا: نَعَمْ، قَالَ: «ذَاكَ صَرِيحُ الْإِيمَانِ».
চাহাবাসকলৰ এটা সঁজাতি দল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি তেওঁলোকৰ অন্তৰত উদ্ভৱ হোৱা গুৰুতৰ সংশয় সম্পৰ্কে সুধিলে, যিটো বিষয় মুখেৰে উচ্চাৰণ কৰাও গুৰুতৰ অপৰাধ, ইমান নিকৃষ্ট তথা বৰ্জনীয়। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে যিটো অনুভৱ কৰিছা সেইটোৱে হৈছে স্পষ্ট ঈমান তথা প্ৰকৃত য়াকীন, যি য়াকীনে তোমালোকক তোমালোকৰ অন্তৰত উদ্ভৱ হোৱা চয়তানৰ অচঅছাৰ পৰা ৰক্ষা কৰে, আৰু এনেকুৱা কথা মুখেৰে উচ্চাৰণ কৰিবলৈও তোমালোকক বাধা দিয়ে, যিটোক তোমালোকে নিজে গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা। সেইকাৰণে চয়তানে তোমালোকৰ অন্তৰত ঠাই কৰিব পৰা নাই। আনহাতে যাৰ অন্তৰত চয়তানে ঠাই কৰিছে, সি এনেকুৱা কথা কোৱাৰ পৰা কোনো বাধা অনুভৱ নকৰে।
...:
হাদীছটোত মুমিনসকলৰ ক্ষেত্ৰত চয়তানৰ দুৰ্বলতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কাৰণ চয়তানে তেওঁলোকক অচঅছাহ দিয়াৰ বাহিৰে আন কোনো ক্ষেত্ৰতে একো কৰিব নোৱাৰে।
মনত উদ্ভৱ হোৱা সংশয় আদিক প্ৰশ্ৰয় দিয়া তথা সেইটোক মানি লোৱা উচিত নহয়। কাৰণ সেইটো হৈছে চয়তানৰ কুমন্ত্ৰণা।
চয়তানৰ কুমন্ত্ৰণাই মুমিনক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। তথাপিও চয়তানৰ কুমন্ত্ৰণাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। লগতে এনেকুৱা কুণন্ত্ৰণাক প্ৰশ্ৰয় দিয়া উচিত নহয়।
দ্বীন সম্পৰ্কীয় কোনো বিষয়ত সমস্যাৰ সন্মুখীন হ'লে কোনো মুছলিমৰ বাবেই মনে মনে বহি থকা উচিত নহয়, বৰং সেই বিষয়ে সুধি লোৱা উচিত।
ছহীহ মুছলিম (1/ 119) (132).
অধিক (4)
معالم السنن (4/174).
المفهم للقرطبي (1/344).
شرح النووي على مسلم (2/154).
البحر المحيط الثجاج (3/622).