Skip to content

“নিশ্চয় মহান আল্লাহে আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে, আৰু মুমিনেও আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে। আল্লাহৰ আত্মমৰ্যাদাত তেতিয়া আঘাত হয়, যেতিয়া কোনো মুমিন ব্যক্তিয়ে হাৰাম কামত লিপ্ত হয়।”

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

“নিশ্চয় মহান আল্লাহে আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে, আৰু মুমিনেও আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে। আল্লাহৰ আত্মমৰ্যাদাত তেতিয়া আঘাত হয়, যেতিয়া কোনো মুমিন ব্যক্তিয়ে হাৰাম কামত লিপ্ত হয়।”

«إِنَّ اللهَ يَغَارُ، وَإِنَّ الْمُؤْمِنَ يَغَارُ، وَغَيْرَةُ اللهِ أَنْ يَأْتِيَ الْمُؤْمِنُ مَا حَرَّمَ عَلَيْهِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহেও আত্মসন্মানবোধ প্ৰকাশ কৰে, খং কৰে আৰু অপছন্দ কৰে। যিদৰে মুমিনসকলে আত্মসন্মানবোধ প্ৰকাশ কৰে, খং কৰে আৰু অপছন্দ কৰে। আল্লাহৰ আত্মসন্মানত আঘাত লাগে তেতিয়া যেতিয়া কোনো মুমিন ব্যক্তিয়ে আল্লাহে হাৰাম কৰা কামত লিপ্ত হয়। যেনে- ব্যভিচাৰ, সমকামিতা, চুৰি, মাদকদ্ৰৱ্য সেৱন আদি অশ্লীলতাত যেতিয়া লিপ্ত হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৰ দ্বাৰা আল্লাহৰ ক্ৰোধ আৰু তেওঁৰ শাস্তিৰ পৰা সাৱধান কৰা হৈছে। আল্লাহে নিৰ্ধাৰণ কৰা সীমা উলংঘা কৰিলে তেওঁৰ ক্ৰোধ আৰু শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়।

সম্পাদক

ছহীহ বুখাৰী (7/ 35) (5223).

ছহীহ মুছলিম (4/ 2114) (2761).

অধিক (8)

تطريز رياض الصالحين.

لفيصل المبارك (ص62).

شرح رياض الصالحين.

لابن عثيمين (1/ 496).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 96).

صفات الله عز وجل الواردة في الكتاب والسنة.

لعلوي السَّقَّاف (ص267).