Skip to content

জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিছিল। এটা সময়ত মই ধাৰণা কৰিলোঁ যে, তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিছিল। এটা সময়ত মই ধাৰণা কৰিলোঁ যে, তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।"

«مَا زَالَ يُوصِينِي جِبْرِيلُ بِالْجَارِ، حَتَّى ظَنَنْتُ أَنَّهُ سَيُوَرِّثُهُ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জিব্ৰীল আলাইহিচ্ছালামে তেখেতক সদায় প্ৰতিৱেশীৰ প্ৰতি মনোযোগ দিবলৈ নিৰ্দেশ দিছিল, প্ৰতিৱেশী মুছলিম হওক বা অমুছলিম, আত্মীয় হওক বা অনাত্মীয়, সকলো প্ৰকাৰৰ প্ৰতিৱেশীৰ অধিকাৰ সুৰক্ষিত ৰাখিবলৈ উপদেশ দিছিল আৰু কোনো প্ৰকাৰ কষ্ট দিবলৈ নিষেধ কৰিছিল। লগতে তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল আৰু সিহঁতে দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰিবলৈ কৈছিল। জিব্ৰীলৰ ফালৰ পৰা প্ৰতিৱেশীৰ বিষয়ে বাৰে বাৰে এনেকুৱা উপদেশ পোৱাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে অনুভৱ কৰিছিল যে, শীঘ্ৰেই হয়তো জিব্ৰীলে প্ৰতিৱেশীক ওৱাৰিছ বনোৱাৰ বিষয়ে কোনো অহী লৈ অৱতৰণ কৰিব, যাৰ ফলত মৃত্যুৰ পিছত প্ৰতিৱেশীয়েও ওৱাৰিছ হোৱাৰ অধিকাৰ লাভ কৰিব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

প্ৰতিৱেশীৰ অধিকাৰৰ গুৰুত্ব আৰু সেয়া পালন কৰা অনিবাৰ্য।

প্রতিৱেশীৰ অধিকাৰকলৈ গুৰুত্ব সহকাৰে উপদেশ দিয়াৰ উদ্দেশ্য হৈছে, তাৰ প্রতি সদাচৰণ কৰা, মুহাব্বত কৰা আৰু তাক সন্মান কৰা, বিপদ-আপদত সহায় কৰা, অসুস্থ হ’লে খা-খবৰ লোৱা, তাৰ আনন্দত শুভেচ্ছা জ্ঞাপন কৰা, আৰু শোকৰ সময়ত সমবেদনা জ্ঞাপন কৰা প্ৰতিজন প্ৰতিৱেশীৰে কৰ্তব্য।

প্ৰতিৱেশী যিমানেই ওচৰৰ হ'ব, তাৰ অধিকাৰ সিমানেই গুৰুত্বপূৰ্ণ।

চৰীয়তৰ পৰিপূৰ্ণতাৰ প্ৰমাণ, কাৰণ ইয়াৰ ভিতৰত আছে সমাজ সংস্কাৰৰ যাৱতীয় বিষয়, প্ৰতিৱেশীৰ সৈতে সদ্ব্যৱহাৰ কৰা আৰু সিহঁতক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰা আদি সকলো বিষয়।

সম্পাদক

ছহীহ বুখাৰী (8/ 10) (6014).

(8/ 10) (6015).

ছহীহ মুছলিম (4/ 2025) (2624).

(4/ 2025) (2625).

অধিক (3)

نزهة المتقين شرح رياض الصالحين (1/ 300).

شرح رياض الصالحين.

لابن عثيمين (3/ 175).