যিয়ে মানুহৰ কৃতজ্ঞতা প্ৰকাশ নকৰে, সি আল্লাহৰো কৃতজ্ঞতা প্ৰকাশ নকৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে মানুহৰ কৃতজ্ঞতা প্ৰকাশ নকৰে, সি আল্লাহৰো কৃতজ্ঞতা প্ৰকাশ নকৰে।"
«لَا يَشْكُرُ اللَّهَ مَنْ لَا يَشْكُرُ النَّاسَ»
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যি ব্যক্তিয়ে মানুহৰ প্ৰতি তেওঁলোকৰ সৎকৰ্ম আৰু দয়াৰ বিপৰীতে কৃতজ্ঞতা প্ৰকাশ নকৰে, সেই ব্যক্তিয়ে সাধাৰণতে আল্লাহৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ নকৰে। কাৰণ এই দুয়োটা বিষয় এটা আনটোৰ সৈতে সংযুক্ত। কাৰণ মানুহে কৰা অনুগ্ৰহৰ প্ৰতি অকৃতজ্ঞ হোৱা তথা কৃতজ্ঞতা প্ৰকাশ নকৰাটো হৈছে সেই ব্যক্তিৰ স্বভাৱ তথা অভ্যাস। সেয়ে এনেকুৱা অভ্যাস থকা ব্যক্তিয়ে সাধাৰণতে আল্লাহৰ নিয়ামতৰো কৃতজ্ঞতা প্ৰকাশ নকৰে তথা অৱহেলা কৰে।
উপকাৰৰ বিপৰীতে মানুহৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ গুৰুত্ব।
প্ৰকৃত অনুগ্ৰহকাৰী হৈছে মহান আল্লাহ, মখলুক্বসকল হৈছে কেৱল মাধ্যম। আল্লাহে যাক ইচ্ছা কৰে সেই অনুপাতে কামত লগায়। সেয়ে মানুহৰ কৃতজ্ঞতা প্ৰকাশ কৰাটো হৈছে দৰাচলতে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ অন্তৰ্ভুক্ত।
মানুহে কৰা উপকাৰৰ বিপৰীতে কৃতজ্ঞতা প্ৰকাশ কৰাটো হৈছে উত্তম চৰিত্ৰৰ প্ৰমাণ।
ছুনান আবি দাঊদ (7/ 188) (4811).
ছুনান তিৰমিজী (3/ 403) (1954).
মুছনাদ আহমদ (13/ 322) (7939).
অধিক (2)
شرح سنن أبي داود لابن رسلان (18/ 490).
شرح سنن أبي داود للعباد (547/ 13).