তোমালোকৰ নামসমূহৰ মাজত আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় নাম হৈছে আব্দুল্লাহ আৰু আব্দুৰ ৰহমান।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ নামসমূহৰ মাজত আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় নাম হৈছে আব্দুল্লাহ আৰু আব্দুৰ ৰহমান।"
«إِنَّ أَحَبَّ أَسْمَائِكُمْ إِلَى اللهِ عَبْدُ اللهِ وَعَبْدُ الرَّحْمَنِ».
হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জনাইছে যে, আল্লাহৰ ওচৰত পুৰুষৰ সৰ্বাধিক প্রিয় নাম হৈছেঃ আব্দুল্লাহ, অথবা আব্দুৰ ৰহমান।
কুৰ্তুবীয়ে কৈছেঃ এই নাম দুটাৰ সৈতে সেইবোৰ নামকো সম্পৃক্ত কৰিব পাৰি, যিবোৰ নাম ইয়াৰ সমান। উদাহৰণস্বৰূপেঃ আব্দুৰ ৰাহীম, আব্দুল মালিক, আব্দুচ ছামাদ আদি। এইবোৰ নাম আল্লাহৰ ওচৰত অধিক প্ৰিয় এই কাৰণে যে, এইবোৰ নামৰ ভিতৰত দুটা বস্তু আছে। এটা হৈছে আল্লাহৰ বাবে, যিটো তেওঁৰ বাবে অনিবাৰ্য গুণ আৰু আনটো হৈছে মানুহৰ বাবে জৰুৰী, অৰ্থাৎ আল্লাহৰ বন্দেগী কৰা। ইয়াৰ পিছত দুয়োটা বিষয়ক একেলগ কৰি বাস্তৱ অৰ্থ প্ৰকাশ কৰিব পৰা এটা নাম ৰখা হৈছে। যাৰ ফলত এটা উত্তম শব্দ গাঁথনিৰ প্ৰতিফলন ঘটিছে। ইয়াৰ ফলত এই নামবোৰে এটা বিশেষ মৰ্যাদা লাভ কৰিছে। আন কিছুমানে কৈছেঃ এই দুটা নামক অধিক গুৰুত্ব দিয়াৰ কাৰণ হৈছে এই যে, পৱিত্ৰ কোৰআনত 'আব্দ' শব্দটো আল্লাহৰ নামসমূহৰ মাজৰ পৰা কেৱল এই দুটা নামৰ সৈতেহে ব্যৱহাৰ হৈছে। যেনে- মহান আল্লাহে কৈছেঃ {وَأَنَّهُ لَمَّا قَامَ عَبْدُ اللَّهِ يَدْعُوهُ} আন এটা আয়াতত কৈছেঃ {وَعِبَادُ الرَّحْمَنِ} এই আয়াতটোও সমৰ্থন কৰেঃ { قُلِ ادْعُوا اللَّهَ أَوِ ادْعُوا الرَّحْمَنَ}
ছহীহ মুছলিম (3/ 1682) (2132).
অধিক (1)
فتح الباري لابن حجر (10/ 570).