Skip to content

জান্নাতত এনেকুৱা এটা বৃক্ষ আছে, যাৰ ছাঁত উৎকৃষ্ট, বিশেষভাৱে প্ৰতিপালিত দ্ৰুতগামী ঘোঁৰাৰ ওপৰত আৰোহণ কৰি এশ বছৰ অতিক্ৰম কৰিলেও সেই ছাঁ পাৰ কৰিব নোৱাৰিব।

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"জান্নাতত এনেকুৱা এটা বৃক্ষ আছে, যাৰ ছাঁত উৎকৃষ্ট, বিশেষভাৱে প্ৰতিপালিত দ্ৰুতগামী ঘোঁৰাৰ ওপৰত আৰোহণ কৰি এশ বছৰ অতিক্ৰম কৰিলেও সেই ছাঁ পাৰ কৰিব নোৱাৰিব।"

«إِنَّ فِي الْجَنَّةِ شَجَرَةً يَسِيرُ الرَّاكِبُ الْجَوَادَ الْمُضَمَّرَ السَّرِيعَ مِائَةَ عَامٍ مَا يَقْطَعُهَا».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতত এনেকুৱা এটা বৃক্ষ আছে, যাৰ ছাঁৰ তলত যদি কোনোবা আৰোহীয়ে দ্ৰুতগামী ঘোঁৰাৰ পিঠিত উঠি এশ বছৰ পৰ্যন্ত অতিক্ৰম কৰে তথাপিও সেই বৃক্ষৰ ছাঁ পাৰ কৰিব নোৱাৰিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

তেন্তে ভাবি চাওক, জান্নাতৰ প্ৰশস্ততা কিমান আৰু কিমান ডাঙৰ সেই গছজোপা।

সম্পাদক

ছহীহ বুখাৰী (8/ 114) (6553).

ছহীহ মুছলিম (4/ 2176) (2828).

অধিক (6)

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 1289).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (3/ 345).

تطريز رياض الصالحين.

لفيصل مُبَارَك (ص1086).