Skip to content

মই নাৰীসকলৰ সৈতে মুচাফাহা নকৰোঁ, মোৰ কথা এশ জনী নাৰীৰ বাবে যেনেকুৱা, এজনীৰ বাবেও তেনেকুৱাই।

উমাইমাহ বিন্তে ৰুক্বাইকা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই কেইজনীমান আনচাৰী মহিলাৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ বাইআতৰ উদ্দেশ্যে আহিলোঁ। আমি আহি ক'লোঁঃ হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওচৰত বাইআত কৰোঁ যে, আমি কেতিয়াও আল্লাহৰ সৈতে শ্বিৰ্ক নকৰোঁ, চুৰি নকৰোঁ, ব্যভিচাৰ নকৰোঁ, আমি কেতিয়াও কাৰো বিৰুদ্ধে অপবাদ ৰটনা নকৰোঁ, কোনো সৎকৰ্মতে কেতিয়াও আপোনাৰ বিৰুদ্ধাচৰণ নকৰোঁ। তেতিয়া তেখেতে ক'লেঃ "এইবোৰ তোমালোকে নিজৰ শক্তি সামৰ্থ তথা সাধ্যানুযায়ী কৰিবা।" তেওঁ কৈছেঃ আমি ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুল আমাৰ ওপৰত অত্যন্ত দয়ালু। এতেকে হে আল্লাহৰ ৰাছুল! আপোনাৰ হাত আগবঢ়াই দিয়ক, আমি আপোনাৰ সৈতে হাত মিলাই লওঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই নাৰীসকলৰ সৈতে মুচাফাহা নকৰোঁ, মোৰ কথা এশ জনী নাৰীৰ বাবে যেনেকুৱা, এজনীৰ বাবেও তেনেকুৱাই। অথবা এজনী নাৰীক কোৱা কথাৰ দৰেই।"

أَتَيْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي نِسْوَةٍ مِنَ الْأَنْصَارِ نُبَايِعُهُ، فَقُلْنَا: يَا رَسُولَ اللَّهِ، نُبَايِعُكَ عَلَى أَلَّا نُشْرِكَ بِاللَّهِ شَيْئًا، وَلَا نَسْرِقَ، وَلَا نَزْنِيَ، وَلَا نَأْتِيَ بِبُهْتَانٍ نَفْتَرِيهِ بَيْنَ أَيْدِينَا وَأَرْجُلِنَا، وَلَا نَعْصِيَكَ فِي مَعْرُوفٍ، قَالَ: «فِيمَا اسْتَطَعْتُنَّ، وَأَطَقْتُنَّ» قَالَتْ: قُلْنَا اللَّهُ وَرَسُولُهُ أَرْحَمُ بِنَا، هَلُمَّ نُبَايِعْكَ يَا رَسُولَ اللَّهِ، فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «إِنِّي لَا أُصَافِحُ النِّسَاءَ، إِنَّمَا قَوْلِي لِمِائَةِ امْرَأَةٍ كَقَوْلِي لِامْرَأَةٍ وَاحِدَةٍ، أَوْ مِثْلُ قَوْلِي لِامْرَأَةٍ وَاحِدَةٍ».

তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

হাদীছটোত উমাইমাহ বিন্তে ৰুক্বাইকা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, তেওঁ আনচাৰী কেইজনীমান নাৰীৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিবলৈ আহিছিল যে, তেওঁলোকে আল্লাহৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিব, চুৰি কাৰ্য্যত লিপ্ত নহ'ব, জিনা নকৰিব, কাৰো প্ৰতি মিছা অপবাদ নিদিব, আৰু কোনো সৎকৰ্মত তেখেতৰ অবাধ্যতা নকৰিব। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ তোমালোকে এইবোৰ নিজৰ সামৰ্থ আৰু সাধ্যানুযায়ী কৰিবা। তেতিয়া তেওঁলোকে কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুল আমাৰ ওপৰত অত্যন্ত দয়াশীল। হে আল্লাহৰ ৰাছুল! আহক, আমি হাত মিলাওঁ অৰ্থাৎ মুচাফাহা কৰোঁ, যিদৰে পুৰুষসকলৰ সৈতে মুচাফাহা কৰা হয়। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ মই নাৰীৰ সৈতে মুচাফাহা নকৰোঁ। মোৰ কথা আৰু বাইআত এশজনী নাৰীৰ বাবে যেনেকুৱা, এজনী নাৰীৰ ক্ষেত্ৰতো তেনেকুৱাই।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত এই কথা বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিদৰে নাৰীসকলৰ বাইআত লৈছিল।

গাইৰ মাহৰাম নাৰীৰ সৈতে মুচাফাহা কৰা হাৰাম।

চৰীয়তৰ বিধি-বিধানবোৰ সামৰ্থ তথা সাধ্যৰ সৈতে সম্পৰ্কিত।

সম্পাদক

ছুনান তিৰমিজী (3/ 247) (1597).

ছুনান নাছায়ী (7/ 149) (4181).

ছুনান ইবনে মাজাহ (4/ 128) (2874).

অধিক (1)

ذخيرة العقبى في شرح المجتبى (32/ 263).