Skip to content

দুয়ো কান্ধ খালি ৰাখি তোমালোকৰ মাজৰ কোনেও যেন এখন কাপোৰত নামাজ নপঢ়ে।

আবু হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে :

"দুয়ো কান্ধ খালি ৰাখি তোমালোকৰ মাজৰ কোনেও যেন এখন কাপোৰত নামাজ নপঢ়ে।"

«لاَ يُصَلِّي أَحَدُكُمْ فِي الثَّوْبِ الوَاحِدِ لَيْسَ عَلَى عَاتِقَيْهِ شَيْءٌ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

দুয়ো কান্ধ খালি ৰাখি এখন কাপোৰ পৰিধান কৰি নামাজ পঢ়িবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিষেধ কৰিছে। অৰ্থাৎ ডিঙি আৰু কান্ধৰ মাজৰ ঠাইখিনি ঢাকি ৰাখিব লাগে। যদিও দুয়ো কান্ধ আওৰা (অনিবাৰ্য্যৰূপে ঢাকিবলগীয়া অংগ)ৰ অন্তৰ্ভুক্ত নহয়। কিন্তু দুয়ো কান্ধ ঢাকিলে গোটেই আওৰা ঢাকিবলৈ সুবিধা হয়। এইটো আল্লাহৰ প্ৰতি সন্মান আৰু শ্রদ্ধা দেখুওৱাৰ অন্যতম এটা উত্তম উপায়, বিশেষকৈ যেতিয়া আমি নামাজত তেওঁৰ সন্মুখত থিয় হওঁ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

যিখিনি ঢাকিব লাগে সেইখিনি যদি ঢাকিব পৰা যায়, তেন্তে এটা কাপোৰ পিন্ধিও নামাজ পঢ়া বৈধ।

দুখন কাপোৰ পিন্ধিও নামাজ পঢ়া বৈধ। এখন কাপোৰেৰে শৰীৰৰ ওপৰৰ অংশ ঢাকিব আৰু আন এখনেৰে তলৰ অংশ ঢাকিব।

নামাজ পঢ়াৰ সময়ত মুচল্লীয়ে উত্তমৰূপে উপস্থিত হোৱা মুস্তাহাব।

যদি সম্ভৱ হয় তেন্তে নামাজত দুয়ো কান্ধ অথবা এটা কান্ধ ঢাকি ৰখা আৱশ্যক। কিছুমানে কৈছেঃ তেখেতে অপছন্দ কৰি নিষেধ কৰিছে। ঢাকি ৰখাটো ভাল কিন্তু অনিবাৰ্য্য নহয়।

সেই সময়ত চাহাবাসকলৰ হাতত ধন-সম্পদৰ নাটনি আছিল, আনকি কাৰোবাৰ ওচৰত পিন্ধিবলৈ দুখন কাপোৰো নাছিল।

ইমাম নাৱাৱীয়ে এই হাদীছটোৰ অৰ্থত কৈছে যে, এইটো নিৰ্দেশ দিয়াৰ এইটোও এটা কাৰণ হ'ব পাৰে যে, কান্ধত কাপোৰ নিদিয়াকৈ কেৱল এখন কাপোৰ পৰিধান কৰি নামাজ পঢ়িলে লজ্জাস্থান উন্মুক্ত হোৱাৰ আশংকা বেছি থাকে। ইয়াৰ বিপৰীতে যদি কান্ধৰ পৰা কোনো কাপোৰ ওলমি থাকে তেন্তে ইয়াৰ সম্ভাৱনা নাথাকে। ইয়াৰ বাহিৰেও এখন কাপোৰ পৰিধান কৰিলে হয়তো নামাজ অৱস্থাত বাৰে বাৰে হাতেৰে কাপোৰ ধৰি ৰাখিবলগীয়া হ'ব পাৰে। ফলত বুকুত হাত বন্ধাৰ সময়ত আৰু ৰাফউল য়াদাইন কৰাৰ সময়ত হাত বেলেগ কামত ব্যস্ত থকাৰ কাৰণে ছুন্নত পৰিত্যাগ হ'ব। ইয়াৰ উপৰিও দুখন কাপোৰ নিপিন্ধিলে শৰীৰৰ ওপৰৰ অংশৰ পৰ্দা ব্যাহত হয় আৰু সৌন্দৰ্য্য নাথাকে। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "প্ৰত্যেক ছালাতৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা।"

সম্পাদক

ছহীহ বুখাৰী (1/ 81) (359).

ছহীহ মুছলিম (1/ 368) (516).

অধিক (10)

سبل السلام.

لمحمد الصنعاني (1/ 198).

توضيح الأحكام مِن بلوغ المرام.

لعبد الله البسام (2/ 8).

فتح ذي الجلال والإكرام شرح بلوغ المرام.

لابن عثيمين (1/ 501).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (2/ 330).

تيسير العلام شرح عمدة الأحكام.

لعبد الله البسام (ص203).