Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰা কোনো এটা যুদ্ধত এজনী মহিলাক নিহত অৱস্থাত পোৱা গ'ল, সেয়া দেখি তেখেতে নাৰী আৰু শিশুক হত্যা কৰিবলৈ নিষিদ্ধ ঘোষণা কৰিলে।

আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰা কোনো এটা যুদ্ধত এজনী মহিলাক নিহত অৱস্থাত পোৱা গ'ল, সেয়া দেখি তেখেতে নাৰী আৰু শিশুক হত্যা কৰিবলৈ নিষিদ্ধ ঘোষণা কৰিলে।

أَنَّ امْرَأَةً وُجِدَتْ فِي بَعْضِ مَغَازِي النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مَقْتُولَةً، فَأَنْكَرَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَتْلَ النِّسَاءِ وَالصِّبْيَانِ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো এটা যুদ্ধত এজনী মহিলাক নিহত অৱস্থাত দেখা পাইছিল, সেয়া দেখি তেখেতে নাৰীসকলক আৰু প্ৰাপ্তবয়স্ক নোহোৱা শিশুক হত্যা কৰিবলৈ নিষেধ কৰিছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

যুদ্ধত অংশগ্ৰহণ নকৰা নাৰী আৰু শিশুক হত্যা কৰা নাযাব, এইদৰে দুৰ্বল বৃদ্ধা, বৈৰাগী আদিও ইয়াৰেই অন্তৰ্ভুক্ত। কিন্তু যদি সিহঁতে মুছলিমৰ সৈতে যুদ্ধ কৰিবলৈ সঁহাৰি দিয়ে তথা সহায় কৰে তেন্তে বিষয়টো সুকীয়া। এনে অৱস্থাত সিহঁতক হত্যা কৰাত কোনো বাধা নাই।

নাৰী আৰু শিশুক হত্যা কৰিবলৈ নিষেধ কৰা হৈছে। কাৰণ সাধাৰণতে নাৰী আৰু শিশুৱে যুদ্ধত অংশগ্ৰহণ নকৰে। আল্লাহৰ পথত জিহাদ কৰাৰ মূল উদ্দেশ্য হৈছে কেৱল আক্ৰমণকাৰীসকলৰ শক্তি সামৰ্থ চূৰ্ণ-বিচূৰ্ণ কৰা, যাতে সত্যৰ আহ্বান সকলোৱে পায়।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মহানুভৱতা আৰু দয়া যে, তেখেতে যুদ্ধ ক্ষেত্ৰতো দয়া প্ৰদৰ্শন কৰিছিল।

সম্পাদক

ছহীহ বুখাৰী (4/ 61) (3014).

ছহীহ মুছলিম (3/ 1364) (1744).

অধিক (4)

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (2/ 189).

تيسير العلام شرح عمدة الأحكام.

للبسام (ص746).