Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা'ৰ পৰা পাঁচ মুদ পৰ্যন্ত পানীৰে গোছল কৰিছিল আৰু তেখেতে অজু কৰিছিল এক মুদ পানীৰে।

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ

"নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা'ৰ পৰা পাঁচ মুদ পৰ্যন্ত পানীৰে গোছল কৰিছিল আৰু তেখেতে অজু কৰিছিল এক মুদ পানীৰে।"

كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَغْسِلُ، أَوْ كَانَ يَغْتَسِلُ، بِالصَّاعِ إِلَى خَمْسَةِ أَمْدَادٍ، وَيَتَوَضَّأُ بِالْمُدِّ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা'ৰ পৰা পাঁচ মুদ পৰ্যন্ত পানীৰে ফৰজ গোছল কৰিছিল, আৰু এক মুদ পানীৰে তেখেতে অজু কৰিছিল। চাৰি মুদ পৰিমাণক এক ছা বোলে, আনহাতে এক মুদ হৈছেঃ এজন সাধাৰণ মানুহৰ দুয়ো হাত এক লগ কৰি সেই আয়তনত যিমানখিনি বস্তু আহে তাক এক মুদ বোলে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

অজু আৰু গোছলৰ সময়ত পানী যিমান পাৰে কমাই ব্যৱহাৰ কৰিব লাগে, উভৈনদী পানী থাকিলেও অপচয় কৰা উচিত নহয়।

প্ৰয়োজন অনুপাতে অজু আৰু গোছলৰ সময়ত পানী কমাই ব্যৱহাৰ কৰা মুস্তাহাব। এইটোৱে হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ।

দৰাচলতে ইয়াৰ দ্বাৰা বুজোৱা হৈছে অজু আৰু গোছলৰ ক্ষেত্ৰত ছুন্নত আৰু অন্যান্য নীতি-নিয়ম পালন কৰি আৰু সময়ৰ প্ৰতি মনোযোগ দি পানীৰ অপচয় নকৰাকৈ পৰিপূৰ্ণৰূপে অজু আৰু গোছল কৰা।

বীৰ্য্য স্খলন অথবা যৌনমিলনৰ পিছৰ অৱস্থাক জানাবত বুলি কোৱা হয়। জানাবত বুলি এইকাৰণে নামকৰণ কৰা হৈছে যে, (আৰবীত ইজতিনাব মানে বিৰত থকা, সেয়ে) যিয়ে এই অৱস্থাত থাকে তেওঁ পৱিত্ৰতা অৰ্জন নকৰালৈকে নামাজ আৰু অন্যান্য ইবাদত কৰিব নোৱাৰে (অৰ্থাৎ বিৰত থাকিব লাগে)।

ছা হৈছে এটা পৰিচিত পৰিমাপ। ইয়াৰ দ্বাৰা নবৱী ছাক বুজোৱা হৈছে। ইয়াৰ ওজন হৈছে ৪৮০ মিছকাল উন্নতমানৰ ঘেঁহুৰ সমান। লিটাৰ পাত্ৰ অনুসৰি তিনি লিটাৰ আয়তনৰ এটা পাত্ৰৰ সমান।

মুদ হৈছে চৰীয়তি পৰিমাপৰ একক। ইয়াৰ পৰিমাণ হৈছে এজন সাধাৰণ মানুহৰ দুয়ো হাত একেলগ কৰি প্ৰসাৰিত কৰি তাত যিমানখিনি বস্তু আহে সেইখিনিক এক মুদ বোলে। ফুকাহাসকল এই কথাত একমত যে, মুদ হৈছে এক ছা'ৰ চাৰি ভাগৰ এভাগ। গতিকে এক মুদ সমান ৭৫০ মিলি লিটাৰ।

সম্পাদক

ছহীহ বুখাৰী (1/ 51) (201).

ছহীহ মুছলিম (1/ 258) (325).

অধিক (12)

توضيح الأحكام.

للبسام (1/ 250).

سُبل السلام.

للصنعاني (1/ 79 ).

فتح ذي الجلال والإكرام.

لابن عثيمين (1/ 212).

منحة العلَّام.

لعبد الله الفوزان (1/ 186).

منار القاري شرح مختصر صحيح البخاري.

لحمزة قاسم (1/ 272).

تحقيق مقدار المد والصاع النبوي.

للدكتور عبدالمحسن القاسم.