Skip to content

ইতিপূৰ্বে যিমান দিন তোমাৰ হায়েজ হৈছিল সেই পৰিমাণ দিন তুমি অপেক্ষা কৰিবা, তাৰ পিছত গোছল কৰিবা।

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

আব্দুৰ ৰহমান বিন আউফৰ স্ত্ৰী উম্মে হাবীবাহ বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ধাৰাবাহিকভাৱে তেজ নিৰ্গত হোৱাৰ বিধান সম্পৰ্কে সুধিলে। তেতিয়া তেখেতে তেওঁক ক'লেঃ "ইতিপূৰ্বে যিমান দিন তোমাৰ হায়েজ হৈছিল সেই পৰিমাণ দিন তুমি অপেক্ষা কৰিবা, তাৰ পিছত গোছল কৰিবা।" এতেকে ইয়াৰ পিছত তেওঁ প্ৰত্যেক নামাজৰ সময়তে গোছল কৰিছিল।

إِنَّ أُمَّ حَبِيبَةَ بِنْتَ جَحْشٍ الَّتِي كَانَتْ تَحْتَ عَبْدِ الرَّحْمَنِ بْنِ عَوْفٍ شَكَتْ إِلَى رَسُولِ اللهِ صلى الله عليه وسلم الدَّمَ، فَقَالَ لَهَا: «امْكُثِي قَدْرَ مَا كَانَتْ تَحْبِسُكِ حَيْضَتُكِ، ثُمَّ اغْتَسِلِي». فَكَانَتْ تَغْتَسِلُ عِنْدَ كُلِّ صَلَاةٍ.

(মুছলিম)
ছহীহ
ব্যাখ্যা

চাহাবীয়্য়া এজনী আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ধাৰাবাহিকভাৱে তেজ নিৰ্গত হোৱাৰ বিধান সম্পৰ্কে প্ৰশ্ন কৰিলে। তেতিয়া তেখেতে তেওঁক নিৰ্দেশ দিলে যে, এই বেমাৰ আৰম্ভ হোৱাৰ আগত, সাধাৰণতে তোমাৰ যিমান দিনলৈকে হায়েজ থাকিছিল, তুমি সেই পৰিমান দিনলৈকে নামাজ পঢ়াৰ পৰা বিৰত থাকিবা। ইয়াৰ পিছত গোছল কৰি নামাজ পঢ়া আৰম্ভ কৰিবা। কিন্তু তেওঁ স্বেচ্ছাই প্ৰত্যেক নামাজৰ সময়তে গোছল কৰিছিল।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এইটো হৈছে ইস্তিহাজা বেমাৰঃ নাৰীসকলৰ সাধাৰণ হায়েজৰ দিনবোৰ অতিক্ৰম হোৱাৰ পিছতো লজ্জাস্থানৰ পৰা তেজ প্ৰবাহিত হোৱাক ইস্তিহাজা বোলে।

ইস্তিহাজা বেমাৰত আক্ৰান্ত নাৰীয়ে পূৰ্বে হোৱা হায়েজৰ দিন অনুপাতে সেই কেইদিন দিনক হায়েজ হিচাপে গণ্য কৰিব।

সেই পৰিমাণ দিন পাৰ হোৱাৰ পিছত নিজকে হায়েজৰ পৰা পৱিত্ৰ বুলি গণ্য কৰিব। যদিও সেই সময়ত ইস্তিহাজাৰ তেজ থাকে, আৰু হায়েজৰ পৰা গোছল কৰি লব।

মুস্তাহাজা নাৰীৰ বাবে প্ৰত্য়েক নামাজৰ সময়তে গোছল কৰা ওৱাজিব নহয়। হাদীছত উল্লিখিত চাহাবীয়া জনীয়ে স্বেচ্ছাই গোছল কৰিছিল। যদি গোছল কৰা ওৱাজিব হ'লহেঁতেন তেন্তে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিশ্চয় জনালেহেঁতেন।

মুস্তাহাজা নাৰীয়ে প্ৰত্যেক নামাজৰ সময়তে অজু কৰা জৰুৰী। কাৰণ তেনেকুৱা নাৰীৰ অজু বাহাল নাথাকে। এইদৰে সেই ব্যক্তিয়েও প্ৰত্যেক নামাজৰ সময়ত অজু কৰা জৰুৰী, যাৰ সদায় প্ৰস্ৰাৱ নিগৰি থাকে অথবা সদায় বায়ু ওলাই থাকে।

দ্বীন সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে বিশেষজ্ঞ উলামাসকলক সুধি লোৱা উচিত। সেয়ে চাহাবীয়্যাজনীয়ে নিজৰ অধিক ৰক্তক্ষৰণ সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিল।

সম্পাদক

ছহীহ মুছলিম (1/ 264) (334).

(4/ 25).

অধিক (5)

توضيح الأحكام.

للبسام (1/ 447).

شرح النووي على مسلم.

فتح ذي الجلال والإكرام بشرح بلوغ المرام.

لابن عثيمين (1/ 390).