Skip to content

নিশ্চয় মই হাউজৰ ওচৰত থাকিম, তোমালোকৰ মাজৰ যিসকলে মোৰ ওচৰলৈ আহিব মই তেওঁলোকক দেখা পাম। কিছুমান লোকক মোৰ সন্মুখৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ব। তেতিয়া মই কম, হে মোৰ প্ৰতিপালক! এওঁলোক মোৰ মানুহ, মোৰ উম্মতৰ মানুহ।

আছমা বিন্তে আবি বকৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

নিশ্চয় মই হাউজৰ ওচৰত থাকিম, তোমালোকৰ মাজৰ যিসকলে মোৰ ওচৰলৈ আহিব মই তেওঁলোকক দেখা পাম। কিছুমান লোকক মোৰ সন্মুখৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ব। তেতিয়া মই কম, হে মোৰ প্ৰতিপালক! এওঁলোক মোৰ মানুহ, মোৰ উম্মতৰ মানুহ। তেতিয়া কোৱা হ'বঃ আপুনি জানেনে আপোনাৰ পিছত সিহঁতে কি কি কৰিছে? আল্লাহৰ শপত! ইহঁত দ্বীনৰ পৰা সদায় পশ্চাদমুখী হৈছিল।

«إِنِّي عَلَى الحَوْضِ حَتَّى أَنْظُرَ مَنْ يَرِدُ عَلَيَّ مِنْكُمْ، وَسَيُؤْخَذُ نَاسٌ دُونِي، فَأَقُولُ: يَا رَبِّ مِنِّي وَمِنْ أُمَّتِي، فَيُقَالُ: هَلْ شَعَرْتَ مَا عَمِلُوا بَعْدَكَ، وَاللَّهِ مَا بَرِحُوا يَرْجِعُونَ عَلَى أَعْقَابِهِمْ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, কিয়ামতৰ দিনা তেখেত হাউজৰ ওচৰতে উপস্থিত থাকিব, যাতে তেখেতে নিজ চকুৰে চাব পাৰে যে, তেখেতৰ উম্মতৰ কোন কোন ব্যক্তিয়ে হাউজৰ ফালে আহিব পাৰে। তেখেতৰ ওচৰৰ পৰাই কিছুমান লোকক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ব, তেতিয়া তেখেতে ক'বঃ হে মোৰ প্ৰতিপালক! এওঁলোক মোৰেই মানুহ, মোৰ উম্মতৰ মানুহ। তেতিয়া উত্তৰত তেখেতক কোৱা হ'বঃ আপুনি ইহঁতক এৰি থৈ অহাৰ পিছত ইহঁতে কি কৰিছিল সেইটো আপুনি জানেনে? আল্লাহৰ শপত! ইহঁত ধাৰাবাহিকভাৱে পশ্চাদমুখী হৈছিল আৰু দ্বীনৰ পৰা আঁতৰি গৈছিল। গতিকে ইহঁত আপোনাৰ মানুহ নহয় আৰু আপোনাৰ উম্মতৰো নহয়।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৰ দ্বাৰা বুজা গ'ল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেখেতৰ উম্মতৰ লোকসকলৰ প্ৰতি কিমান দয়ালু আৰু কিমান আগ্ৰহী।

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰুদ্ধাচৰণৰ ভয়াৱহতাৰ প্ৰতি ইংগিত কৰা হৈছে।

লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰাৰ প্ৰতি উৎসাহিত কৰা হৈছে।

সম্পাদক

ছহীহ বুখাৰী (8/ 121) (6593).

ছহীহ মুছলিম (4/ 1793) (2292).

অধিক (2)

عمدة القاري (23/144).

البحر المحيط الثجاج (37/322).