Skip to content

যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।

«مَنْ صَامَ رَمَضَانَ إِيمَانًا وَاحْتِسَابًا غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ»

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি ৰমাজান মাহৰ ৰোজা পালন কৰিব আৰু ইয়াক ফৰজ বুলি বিশ্বাস কৰিব, লগতে আল্লাহে ৰোজাদাৰসকলৰ বাবে যি ছোৱাব আৰু প্ৰতিদান প্ৰস্তুত কৰি ৰাখিছে তাৰ প্ৰতি বিশ্বাস কৰিব, এইবোৰ যদি তেওঁ নাম অৰ্জন কৰিবলৈ আৰু মানুহক দেখুৱাৰ উদ্দেশ্যে নকৰে অৰ্থাৎ কেৱল আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে কৰে তেন্তে তাৰ পূৰ্বৱৰ্তী সকলো গুনাহ মাফ কৰি দিয়া হয়।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ৰমাজান মাহৰ ৰোজা আৰু অন্যান্য নেক আমলৰ ক্ষেত্ৰত ইখলাচ অৱলম্বন কৰাৰ গুৰুত্ব।

সম্পাদক

ছহীহ বুখাৰী (1/ 16) (38).

ছহীহ মুছলিম (1/ 523) (760).

অধিক (8)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 361).

نزهة المتقين شرح رياض الصالحين.

لمصطفى الخِن وغيره (2/ 868).

كنوز رياض الصالحين.

لمجموعة من الباحثين (15/ 40).

شرح رياض الصالحين.

لابن عثيمين (5/ 270).