Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবেচিতঃ বংশীয় ক্ষেত্ৰত কটাক্ষ কৰা, আৰু মৃত ব্যক্তিকলৈ বিলাপ কৰা।"
ছহীহ (মুছলিম)
"বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।"
ছহীহ (মুছলিম)
"কোনেও যেন কাকো ফাছিক্ব বুলি গালি নিদিয়ে অথবা কুফৰৰ অপবাদ নিদিয়ে। কাৰণ এই বৈশিষ্ট্য যদি তাৰ ভিতৰত নাথাকে তেন্তে সেই অপবাদ দিয়া ব্যক্তিলৈ সেইটো উভতি আহে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।
ছহীহ (তিৰমিজী, ইবনে মাজাহ, নাছায়ী, আহমদ)
ৰাতি বৰষুণ হোৱাৰ পাছত হুদাইবিয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাকলৈ ফজৰৰ চালাত আদায় কৰিলে। তেখেতে চালাত শেষ কৰি লোকসকলৰ ফালে মুখ কৰি বহিলে আৰু ক'লেঃ তোমালোকে জানানে তোমালোকৰ প্ৰতিপালকে কি কৈছে? তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেখেতে ক'লেঃ (আল্লাহে কৈছে) "মোৰ কিছুমান বান্দাই মুমিন হৈ আৰু কিছুমান বান্দাই কাফিৰ হৈ প্ৰভাত কৰিছে।" এতেকে যিজন বান্দাই কৈছে যে, আল্লাহে তেওঁৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ দিছে, তেওঁ হৈছে মোৰ প্ৰতি বিশ্বাসী আৰু নক্ষত্ৰৰাজিৰ শক্তিক অস্বীকাৰকাৰী। আনহাতে যিয়ে কৈছে, অমুক অমুক নক্ষত্ৰৰ কাৰণে আজি বৰষুণ হৈছে, সেইজন হৈছে মোক অস্বীকাৰকাৰী আৰু নক্ষত্ৰৰাজিৰ প্ৰতি বিশ্বাসী।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! ইবনু জুদআনে অজ্ঞতা যুগত চিলা ৰহমী কৰিছিল (আত্মীয়তাৰ বন্ধন অটুট ৰাখিছিল), দুখীয়া-দৰিদ্ৰ, অভাৱীক খাদ্য খুৱাইছিল, তাৰ সেইবোৰ কৰ্ম কোনো উপকাৰত আহিবনে? তেখেতে ক'লেঃ নহয়, কোনো উপকাৰত নাহিব। কাৰণ সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক! কিয়ামতৰ দিনা তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিবা।
ছহীহ (মুছলিম)