Skip to content

তুমি সেইবোৰ ভাল কাম কৰাৰ কাৰণেই ইছলাম গ্ৰহণ কৰিব পাৰিছা। (তুমি সেইবোৰ কামৰ ছোৱাব নিশ্চয় পাবা।)

হাকিম বিন হিঝাম -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মই ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে (ছোৱাবৰ নিয়তেৰে) চাদাক্বাহ কৰিছিলোঁ, দাস মুক্ত কৰিছিলোঁ, আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখিছিলোঁ, গতিকে সেইবোৰৰ বাবে মই ছোৱাব পামনে? ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তুমি সেইবোৰ ভাল কাম কৰাৰ কাৰণেই ইছলাম গ্ৰহণ কৰিব পাৰিছা। (তুমি সেইবোৰ কামৰ ছোৱাব নিশ্চয় পাবা।)

قُلْتُ: يَا رَسُولَ اللَّهِ، أَرَأَيْتَ أَشْيَاءَ كُنْتُ أَتَحَنَّثُ بِهَا فِي الجَاهِلِيَّةِ مِنْ صَدَقَةٍ أَوْ عَتَاقَةٍ، وَصِلَةِ رَحِمٍ، فَهَلْ فِيهَا مِنْ أَجْرٍ؟ فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «أَسْلَمْتَ عَلَى مَا سَلَفَ مِنْ خَيْرٍ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা স্পষ্ট কৰিছে যে, যেতিয়া কোনো কাফিৰ ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰে, সেই ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে যিবোৰ নেক আমল কৰিছিল যেনে- চাদাক্বাহ-খয়ৰাত, দাস মুক্ত কৰা, আত্মীয়তাৰ বন্ধন ৰক্ষা কৰা আদি নেক আমলৰো ছোৱাব লাভ কৰে।

শব্দাৰ্থ

أتحنث: أتعبد.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৰ দ্বাৰা এই কথা বুজা গ'ল যে, কাফিৰ ব্যক্তিয়ে পাৰ্থিৱ জীৱনত যিবোৰ সৎকৰ্ম কৰে, আখিৰাতত তাক সেইবোৰৰ ছোৱাব দিয়া নহ'ব, যদি সি কুফৰ অৱস্থাতেই মৃত্যুবৰণ কৰে।

সম্পাদক

ছহীহ বুখাৰী (2/ 114) (1436).

ছহীহ মুছলিম (1/ 113) (123).

অধিক (5)

المفهم (1/332).

شرح النووي على مسلم (2/140).

عمدة القاري شرح صحيح البخاري (22/ 96).

فتح الباري لابن حجر (3/ 302).

البحر المحيط الثجاج (3/499).