Skip to content

العباس بن عبد المطلب بن هاشم

الإسم

আল-আব্বাছ ইবনে আব্দুল মুত্তালিব ইবনে হাশ্বিম

اسم الشهرة

আবুল ফজল আব্বাছ বিন আব্দুল মুত্তালিব -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

আবুল ফজল আব্বাছ ইবনে আব্দুল মুত্তালিব ইবনে হাশ্বিম ইবনে আব্দে মানাফ আল-কুৰাশ্বী আল-হাশ্বিমী। তেওঁ আছিল এজন সন্মানীয় চাহাবী। তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্মৰ দুবছৰ আগত তেওঁৰ জন্ম হৈছিল। প্ৰাক-ইছলামী যুগত হাজীসকলক পানী দিয়া আৰু কাবা ৰক্ষণাবেক্ষণৰ দায়িত্ব তেওঁৰ ওপৰত আছিল। ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে বাইআতে আকাবাত আনচাৰসকলৰ সৈতে তেওঁ উপস্থিত আছিল। তেওঁ বদৰৰ যুদ্ধৰ সময়ত বাধ্যত পৰি মুশ্বৰিকসকলৰ লগত অংশ লৈছিল। ফলত তেওঁক বন্দী কৰা হৈছিল, ইয়াৰ পিছত তেওঁ নিজকে আৰু তেওঁৰ ভতিজা আকিল ইবনে আবি তালেবৰ মুক্তিপণ আদায় কৰিছিল। ইয়াৰ পিছত তেওঁ মক্কালৈ উভতি গৈছিল। কিছুমানে কৈছে যে, তেওঁ ইছলাম গ্ৰহণ কৰিছিল, কিন্তু সমাজৰ লোকসকলৰ পৰা গোপন কৰি ৰাখিছিল। তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ সংবাদ প্ৰেৰণ লিখিছিল। মক্কা বিজয়ৰ কিছুদিন আগত তেওঁ মদিনালৈ হিজৰত কৰি আহিছিল। ইয়াৰ পিছত তেওঁ মক্কা বিজয়ত অংশগ্ৰহণ কৰিছিল আৰু হুনাইনৰ দিনা তেওঁ অতি অটল আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “যিয়ে আব্বাছক কষ্ট দিব, সি দৰাচলতে মোক কষ্ট দিব; কিয়নো খুৰা হৈছে পিতাৰ দৰেই।”৩২ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
الطبقات الكبرى (4/ 3) الكنى والأسماء للإمام مسلم (2/ 673) تاريخ دمشق لابن عساكر (26/ 273) الأعلام للزركلي (3/262) الإصابة في تمييز الصحابة (3/511).