الرميصاء أو الغميصاء بنت ملحان الأنصارية
الإسم
ৰুমাইছা অথবা গুমাইছা বিন্তে মিলহান আল-আনচাৰিয়্যাহ
اسم الشهرة
উম্মু ছুলাইম ৰাদ্বিয়াল্লাহু আনহা
نبذة مختصرة
উম্মু ছুলাইম বিনতে মিলহান ইবনে খালিদ ইবনে জায়েদ আল-আনচাৰিয়্যাহ, তেওঁ আছিল আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ মাতৃ আৰু উম্মু হাৰামৰ ভগ্নী। তেওঁ আছিল এগৰাকী সন্মানীয় নাৰী চাহাবীয়্যা। তেওঁ কেইবাটাও হাদীছ বৰ্ণনা কৰিছে। তেওঁৰ উপনাম আছিল - গুমাইছা, কিছুমানে কৈছে: ৰুমাইছা। তেওঁৰ নাম আছিল ছাহলা। কিছুমানে কৈছে: ৰামলাহ, আন কিছুমানে কৈছে- ৰুমাইছা, আৰু কোৱা হৈছে- আনীফাহ, লগতে কোৱা হৈছে: মালীকাহ। আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “মই জান্নাতত প্ৰৱেশ কৰিলোঁ, আৰু তাত মই এটা শব্দ শুনিলোঁ, তাৰ পিছত মই ক’লোঁ: এওঁ কোন? তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে: তেওঁ হৈছে গুমাইছা বিনতে মিলহান, আনাছ ইবনে মালিকৰ মাতৃ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনাত নিজৰ পত্নীৰ বাহিৰে আন কাৰো ঘৰত প্ৰৱেশ কৰা নাছিল; কিন্তু উম্মু ছুলাইমৰ ঘৰত প্ৰৱেশ কৰিছিল। কিয় বুলি সোধাত তেখেতে কৈছিল: “কাৰণ তেওঁৰ ভায়েকক মোৰ লগত থাকোঁতেই হত্যা কৰা হৈছিল; সেয়ে মই তেওঁৰ প্ৰতি সহানুভূতি জনাওঁ। " প্ৰাক-ইছলামী যুগত মালিক ইবনে নজৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, তাতেই আনাছৰ জন্ম হৈছিল। তাৰ পিছত আল্লাহে যেতিয়া ইছলাম প্ৰকাশ কৰিলে তেতিয়া তেওঁ নিজৰ গোত্ৰৰ লোকসকলৰ সৈতে ইছলাম গ্ৰহণ কৰিছিল। ইপিনে তেওঁৰ স্বামীৰ আগত ইছলাম উপস্থাপন কৰাত তেওঁ ক্ৰোধান্বিত হ’ল আৰু ছিৰিয়ালৈ গুচি গ’ল, আৰু তাতেই সি ধ্বংস হৈছিল। প্ৰায় ৩০ হিজৰীত উম্মু ছুলাইমৰ মৃত্যু হয়।