خالد بن زيد بن كليب بن ثعلبة
الإسم
খালিদ বিন জায়েদ ইবনে কুলাইব ইবনে চা’লাবা
اسم الشهرة
আবু আয়্যুব আল-আনচাৰী -ৰাদ্বিয়াল্লাহু আনহু-
نبذة مختصرة
খালিদ বিন জায়েদ ইবনে কুলাইব ইবনে চা’লাবা, আবু আইয়ুব আল-আনচাৰী। তেওঁ বনু নাজ্জাৰৰ অন্তৰ্ভুক্ত এজন সন্মানীয় চাহাবী আছিল। আকাবাহ, বদৰ, উহুদ, খন্দককে ধৰি সকলো যুদ্ধতে তেওঁ অংশ গ্ৰহণ কৰিছিল। তেওঁ অতি সাহসী, ধৈৰ্য্যশীল তথা জিহাদ আৰু যুদ্ধৰ প্ৰতি আগ্ৰহী আছিল। বনু উমাইয়্যাৰ কাললৈকে তেওঁ জীয়াই আছিল। তেওঁ মদীনাতেই বাস কৰিছিল। তাৰ পিছত তেওঁ ছিৰিয়ালৈ গুচি গৈছিল। ইয়াজিদে যেতিয়া পিতৃ মুআৱিয়াৰ সময়ত কুস্তুনতুনিয়ালৈ (কনষ্টান্টিনোপোললৈ) অভিযানত নামিছিল, তেতিয়া তেওঁ এজন যোদ্ধা হিচাপে তেওঁৰ লগত আছিল। তাৰ পিছত বহুতো ঘটনা সংঘটিত হৈছে। তেওঁ অসুস্থ হৈ পৰিছিল, তাৰ পিছত তেওঁক শত্ৰুৰ ভূমি সোনকালে পাৰ হ’বলৈ তেওঁক অছিয়ত কৰিছিল। তেওঁ মৃত্যুবৰণ কৰাৰ পিছত ৫২ হিজৰীত তেওঁক কনষ্টান্টিনোপোলৰ দুৰ্গত সমাধিস্থ কৰা হয়।