السائب بن يزيد بن سعيد
الإسم
ছায়েব ইবনে এঝীদ ইবনে ছাঈদ
اسم الشهرة
ছাইব বিন এঝীদ -ৰাদ্বিয়াল্লাহু আনহুমা-
نبذة مختصرة
ছায়েব ইবনে এঝীদ ইবনে ছাঈদ আল-কিন্দী। তেওঁ এজন সন্মানীয় চাহাবী আছিল। প্ৰথম হিজৰীৰ কিছু পূৰ্বে তেওঁৰ জন্ম হৈছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিদায় হজ্জৰ দিনা তেওঁ তেওঁৰ পিতৃৰ সৈতে উপস্থিত আছিল। তেওঁ এবাৰ বিষ-বেদনাত কাতৰ হোৱাত তেওঁৰ পেহীয়ে তেওঁক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ গৈছিল আৰু তেখেতে তেওঁক হাত বুলাই দিছিল আৰু তেওঁৰ বাবে দুআ কৰিছিল, লগতে তেখেতে অজু কৰিছিল আৰু সেই অজুৰ পানীৰ পৰা তেওঁ পানী খাই সম্পূৰ্ণ সুস্থ হৈ উঠিছিল। তেওঁ নবুওৱতৰ মোহৰটোকো দেখিছিল। ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) তেওঁক মদীনাৰ বজাৰৰ দায়িত্বত নিযুক্ত কৰিছিল। তেওঁ হৈছে মদীনাত মৃত্যুবৰণ কৰা শেষ চাহাবী। ৯১ হিজৰীত তেওঁৰ মৃত্যু হৈছিল।