الزبير بن العوام بن خويلد الأسدي
الإسم
জুবাইৰ ইবনুল আওৱাম ইবনে খুৱাইলিদ আল-আছাদী
اسم الشهرة
জুবাইৰ ইবনুল আৱাম -ৰাদ্বিয়াল্লাহু আনহু-
نبذة مختصرة
আবু আব্দুল্লাহ জুবাইৰ ইবনুল আওৱাম ইবনে খুৱাইলিদ ইবনে আছাদ ইবনে আব্দুল উজ্জা ইবনে কুছাই ইবনে কিলাব আল-কুৰাশ্বী আল-আছাদী। তেওঁ আছিল এজন সন্মানীয় চাহাবী। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাৱাৰী তথা পেহীৰ ল’ৰা আছিল। তেওঁ জান্নাতৰ সাক্ষ্যপ্ৰাপ্ত দহজন চাহাবীৰ ভিতৰত এজন আছিল। ছয়জন বিশিষ্ট উপদেষ্টামণ্ডলীৰ সদস্যৰ ভিতৰত তেওঁ আছিল অন্যতম। (ইছলাম গ্ৰহণ কৰাৰ পিছত) জুবাইৰৰ খুৰাই তেওঁক এটা বন্ধ কোঠাত ওলমাই ধোঁৱা দিছিল, যাতে তেওঁ কুফৰীলৈ উভতি আহে; কিন্তু তেওঁ কৈছিল: মই কেতিয়াও কুফৰী নকৰোঁ। উৰুওৱা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, জুবাইৰৰ দেহত তিনিটা তৰোৱালৰ আঘাতৰ চিহ্ন আছিল, মই তাত মোৰ আঙুলি সোমাই দিছিলোঁ, ইয়াৰে দুটা আঘাত বদৰৰ দিনা পাইছিল আৰু তৃতীয়টো য়াৰমৌকৰ যুদ্ধত। ৩৬ হিজৰীত তেওঁ হত্যাৰ চিকাৰ হৈছিল।