Skip to content

خالد بن الوليد بن المغيرة المخزومي

الإسم

খালিদ ইবনুল অলীদ ইবনুল মুগীৰাহ আল-মাখঝুমী

اسم الشهرة

খালিদ ইবনুল অলীদ -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

আবু চুলাইমান ছাইফুল্লাহ (আল্লাহৰ তৰোৱাল) খালিদ ইবনুল অলীদ ইবনে মুগীৰাহ ইবনে আব্দুল্লাহ ইবনে ওমৰ ইবনে মাখঝুম আল-কুৰাইশ্বী আল-মাখঝুমী। তেওঁ এজন সন্মানীয় চাহাবী আছিল। তেওঁ প্ৰাক-ইছলামী যুগত কুৰাইশ্বসকলৰ মাজত এজন অভিজাত ব্যক্তি আছিল। উমৰাতুল হুদাইবিয়ালৈকে তেওঁ কুৰাইছ কাফিৰসকলৰ লগত বহু যুদ্ধত অংশ গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ খাইবৰ যুদ্ধৰ পিছত সপ্তম হিজৰীত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। কিছুমানে কৈছে যে, তেওঁ ইয়াৰ আগতেই ইছলাম গ্ৰহণ কৰিছিল। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত তেওঁ মক্কা বিজয়ত অংশ লৈছিল। তাত তেওঁ অতিশয় শৌৰ্য্য প্ৰদৰ্শন কৰিছিল। তাৰ পিছত তেওঁ তায়েফ আৰু হুনাইনৰ যুদ্ধত অংশ লৈছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক উজ্জা নামৰ মূৰ্তিটো ধ্বংস কৰিবলৈ পঠাইছিল আৰু তেওঁ সেই আদেশ পালন কৰিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বিষয়ে কৈছিলঃ আল্লাহৰ বান্দা আৰু আশ্বীৰাৰ ভাই খালিদ কিমান যে উত্তম মানুহ! তেওঁ আল্লাহৰ তৰোৱালবোৰৰ ভিতৰত অন্যতম এটা তৰোৱাল, যাক আল্লাহে কাফিৰসকলৰ বিৰুদ্ধে মুকলি কৰিছে।" ২১ হিজৰীত তেওঁৰ মৃত্যু হয়।

المراجع

অধিক (1)
الكنى والأسماء للإمام مسلم (1/ 370)، الجرح والتعديل لابن أبي حاتم (3/ 356)، مشاهير علماء الأمصار (ص: 56)، الإصابة (3/ 171 ط. هجر)، الأعلام للزركلي (2/ 300).