أم حرام بنت مِلْحان بن خالد الأنصارية
الإسم
উম্মু হাৰাম বিন্তে মিলহান ইবনে খালিদ আল-আনচাৰিয়্যাহ
اسم الشهرة
উম্মু হাৰাম বিন্তে মিলহান ৰাদ্বিয়াল্লাহু ‘আনহা
نبذة مختصرة
উম্মু হাৰাম বিনতে মিলহান বিন্তে খালিদ ইবনে যাইদ ইবনে হাৰাম ইবনে জুনদুব আল-আনছাৰিয়্যাহ। আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ উম্মু হাৰাম (এওঁ আছিল আনাছৰ মাহী)ৰ পৰা বৰ্ণনা কৰিছে যে- এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ ঘৰত বিশ্ৰাম লৈ আছিল, যেতিয়া তেখেত সাৰ পালে তেতিয়া তেখেত হাঁহি আছিল, ইয়াৰ পিছত ক’লে: “মোৰ সন্মুখত মোৰ উম্মতৰ এদল মানুহক পেচ কৰা হ’ল, যিসকলে সেউজীয়া সাগৰত (আৰব উপসাগৰ) আৰোহণ কৰিছিল, যিদৰে বাদ্বশাহসকলে নিজৰ সিংহাসনত বহে।” তেওঁ কৈছে: তেতিয়া মই সুধিলোঁ: হে আল্লাহৰ ৰাছুল! আপুনি দু‘আ কৰক, আল্লাহে যেন মোকো তেওঁলোকৰ অন্তৰ্ভুক্ত কৰে। ইয়াৰ পিছত তেখেত আকৌ টোপনিৰ পৰা উঠি হাঁহিবলৈ ধৰিলে। মই সুধিলোঁ: হে আল্লাহৰ ৰাছুল! আপুনি কিয় হাঁহি আছে? তেখেতে ক’লে: “মোৰ সন্মুখত মোৰ উম্মতৰ এদল মানুহক পেচ কৰা হ’ল, যিসকলে সেউজীয়া সাগৰত (আৰব উপসাগৰ) আৰোহণ কৰিছিল, যিদৰে বাদ্বশাহসকলে নিজৰ সিংহাসনত বহে।” তেওঁ কৈছে: তেতিয়া মই সুধিলোঁ: হে আল্লাহৰ ৰাছুল! আপুনি দু‘আ কৰক, আল্লাহে যেন মোকো তেওঁলোকৰ অন্তর্ভুক্ত কৰে। তেতিয়া তেখেতে ক’লে: “তুমি অগ্রগামীসকলৰ অন্তৰ্ভুক্ত।” আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: ইয়াৰ পিছত এওঁ উবাদাহ ইবনে ছামিতক বিবাহ কৰাইছিল। তেওঁ তাইক লগতলৈ অভিযানলৈ ওলাই পৰিল, সাগৰ পাৰ হৈ তেওঁ যেতিয়া (পৰিবহন) জন্তুৰ পিঠিত আৰোহণ কৰিলে, তেতিয়া বাহনে (উট) তাইক পেলাই দিলে আৰু তাতেই তাইৰ মৃত্যু হ’ল। এইটো হৈছে হিজৰী ২৭ চনৰ ঘটনা।