أويس بن عامر بن جزء بن مالك القرني
الإسم
ওৱাইছ ইবনে আমিৰ ইবনে জুয ইবনে মালিক আল-কাৰানী
اسم الشهرة
ওৱাইছ আল-কাৰানী
نبذة مختصرة
আবু আমৰ ওৱাইছ ইবনে আমিৰ ইবনে জুয ইবনে মালিক আল-কাৰানী। তেওঁ মহান তাবেয়ীসকলৰ মাজৰ অন্যতম এজন সন্মানীয় তাবেয়ী আছিল। অত্যন্ত ধাৰ্মিক আৰু ইবাদত গুজাৰ আছিল। তেওঁৰ মূল বংশ য়ামানী। তেওঁ যদিও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱিত কাল পাইছিল কিন্তু তেখেতক দেখা নাছিল। পৰৱৰ্তী সময়ত তেওঁ ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ আগমণ কৰিছিল আৰু তাৰ পাছত তেওঁ কূফাত বসতি লৈছিল। প্ৰমাণিত আছে যে, তেওঁ এজন শ্ৰেষ্ঠ তাবেয়ী। যেনে উছাইৰ ইবনে জাবিৰৰ পৰা প্রমাণিত, তেওঁ কৈছে: ওমৰ ইবনুল খাত্তাবৰ ওচৰলৈ যেতিয়া য়ামানীসকলৰ সহায়কাৰী সেনাবাহিনী আহিল- অর্থাৎ যোদ্ধা দল, যিসকলে যুদ্ধত মুছলিম সেনাবাহিনীক সহায় কৰিছিল- তেতিয়া তেওঁ সিহঁতক সুধিলে: “তোমালোকৰ মাজত ওৱাইছ ইবনে আমিৰ আছে নেকি?” অৱশেষত ওৱাইছক লগ পালে, তেওঁ ক’লে: তুমিয়েই ওৱাইছ ইবনে আমিৰ নেকি? তেওঁ ক’লে: হয়, তেওঁ ক’লে, “তুমি ‘মুৰাদ’ বংশৰ নহয় জানো, তাৰ পিছত ‘কাৰান’ বংশৰ? তেওঁ ক’লে: হয়, তেওঁ ক’লে, তোমাৰ কুষ্ঠৰোগ আছিল, আৰু তুমি তাৰ পৰা আৰোগ্য লাভ কৰিছা কিন্তু এক দিৰহাম পৰিমাণ ঠাইৰ বাহিৰে? তেওঁ ক’লে: হয়। তেওঁ ক’লে, তোমাৰ মা জীৱিত আছে নহয় জানো? তেওঁ ক’লে: হয়। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে: মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ: “তোমালোকৰ ওচৰলৈ য়ামানৰ সহায়কাৰী সেনাদলৰ সৈতে ওৱাইছ ইবনে আমিৰ আহিব। তেওঁ হ’ব মুৰাদ গোত্রৰ, তাৰ পিছত ‘কাৰান’ৰ পৰা। তেওঁৰ কুষ্ঠ ৰোগ থাকিব, তেওঁ তাৰ পৰা নিৰাময় লাভ কৰিব কিন্তু এক দিৰহাম পৰিমাণ ঠাইৰ বাহিৰে। তেওঁৰ মাতৃ জীৱিত থাকিব, আৰু তেওঁ হ’ব মাকৰ অনুগত (সেৱক)। তেওঁ যদি আল্লাহৰ নামত শপত খায়, তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰিব। যদি তোমাৰ বাবে সম্ভৱ হয় যে, তেওঁ তোমাৰ বাবে ইস্তেগফাৰ (গুনাহ ক্ষমাৰ দু‘আ) কৰিব, তেন্তে তুমি নিশ্চয় চেষ্টা কৰিবা।” এতেকে (হে ওৱাইছ) তুমি মোৰ বাবে ইস্তিগফাৰ কৰা। তেতিয়া তেওঁ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ বাবে ইস্তিগফাৰ কৰিলে। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক ক’লে: তুমি ক’ত যাবা? তেওঁ ক’লে: কূফালৈ। তেখেতে ক’লে: মই সেই ঠাইৰ প্রশাসকৰ ওচৰলৈ তোমাৰ বিষয়ে কিবা লিখি দিওঁনে? তেওঁ ক’লে: মই সাধাৰণ মানুহৰ লগত থকাটোকেই পছন্দ কৰোঁ। বৰ্ণনাকাৰীয়ে কৈছে: পৰবৰ্তী বছৰত তেওঁলোকৰ অভিজাত লোকসকলৰ মাজৰ এজন লোক হজ্জ কৰিবলৈ অহাত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ লগত তেওঁৰ সাক্ষাৎ হ’ল। তেওঁ তাক উৱাইছৰ বিষয়ে সুধিলে। সি ক’লে: মই তেওঁক জৰা জীৰ্ণ ঘৰত দৰিদ্ৰ অৱস্থাত চাই আহিছোঁ। তেওঁ ক’লে: মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ: “তোমালোকৰ ওচৰলৈ য়ামানৰ সহায়কাৰী সেনাদলৰ সৈতে ওৱাইছ ইবনে আমিৰ আহিব। তেওঁ হ’ব মুৰাদ গোত্ৰৰ, তাৰ পিছত ‘কাৰান’ৰ পৰা। তেওঁৰ কুষ্ঠৰোগ থাকিব, তেওঁ তাৰ পৰা নিৰাময় লাভ কৰিব কিন্তু এক দিৰহাম পৰিমাণ ঠাইৰ বাহিৰে। তেওঁৰ মাতৃ জীৱিত থাকিব, আৰু তেওঁ হ’ব মাকৰ অনুগত (সেৱক)। তেওঁ যদি আল্লাহৰ নামত শপত খায়, তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰিব। যদি তোমাৰ বাবে সম্ভৱ হয় যে, তেওঁ তোমাৰ বাবে ইস্তেগফাৰ (গুনাহ ক্ষমাৰ দু‘আ) কৰিব, তেন্তে তুমি নিশ্চয় চেষ্টা কৰিবা।” তাৰ পিছত সেই ব্যক্তি উৱাইছৰ ওচৰলৈ আহি ক’লে: মোৰ বাবে ইস্তিগফাৰ কৰক। তেওঁ ক’লে: আপুনি দেখোন পূণ্যৱান ভ্ৰমণৰ পৰা সদ্যহতে আগমণ কৰিছে; গতিকে আপুনিয়ে মোৰ বাবে ইস্তিগফাৰ কৰক। সি ক’লে: আপুনি মোৰ বাবে ইস্তিগফাৰ কৰক। উৱাইছে ক’লে: আপুনি যিহেতু সদ্যহতে পূণ্যৱান ছফৰৰ পৰা আগমণ কৰিছে, গতিকে আপুনিয়ে মোৰ বাবে ইস্তিগফাৰ কৰক। অৱশেষত তেওঁ সুধিলে, আপুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুক লগ পাইছিল নেকি? সি ক’লে: হয়, তেতিয়া তেওঁ তাৰ বাবে ইস্তিগফাৰ কৰিলে। তাৰ পিছতহে মানুহে তেওঁৰ মৰ্যাদা সম্পৰ্কে অৱগত হ’ল। ইয়াৰ পিছত তেওঁ তাৰ সন্মুখত খোজ ল’লে। উছাইৰে কৈছে: মই তেওঁক এটি ৰেখিত চাদৰ পৰিধান কৰোৱাই দিলোঁ। ফলত যেতিয়াই তেওঁক কোনোবাই দেখিছিল তেতিয়াই কৈছিল: উৱাইছে এই চাদৰ ক’ত পালে? অৱশেষত ৩৭ হিজৰীত তেওঁ মৃত্যুবৰণ কৰে।