أبو محذورة أوس بن معير الجمحي
الإسم
আবু মাহজুৰাহ আউছ ইবনে মি‘য়াৰ আল-জুমাহী
اسم الشهرة
আবু মাহজুৰা -ৰাদ্বিয়াল্লাহু আনহু-
نبذة مختصرة
আবু মাহজুৰাহ আউছ ইবনে মি‘য়াৰ আল-কুৰাশ্বী আল-জুমাহী। তেওঁ আছিল এজন সন্মানীয় চাহাবী। তেওঁৰ নাম আৰু তেওঁৰ পিতাৰ নাম সম্পৰ্কে অলপ মতানৈক্য আছে। তেওঁ হুনাইনৰ যুদ্ধৰ পাছত ইছলাম গ্রহণ কৰিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ কণ্ঠ শুনি মুগ্ধ হৈ তেওঁক ইছলামৰ পিনে আহ্বান কৰিছিল, লগে লগে তেওঁ ইছলামো গ্রহণ কৰিছিল। তেওঁ কৈছে: মোক তেখেতে নিজেই আজান শিকাইছিল। তেখেতে এইদৰে কৈছিল, কোৱা: আল্লাহু আকবাৰ, আল্লাহু আকবাৰ... এইদৰে গোটেই আজান শিকাইছিল। যেতিয়া তেওঁ আজান শিকি লৈছিল, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক মক্কাত মুআজ্জিন নিয়োগ কৰিছিল। তেওঁৰ পৰাও বহুত হাদীছ বর্ণিত হৈছে। তেওঁ ৫৯ হিজৰীত মৃত্যুবৰণ কৰিছে।