البراء بن عازب بن الحارث الخزرجي
الإسم
আল-বাৰা ইবনে আঝিব ইবনুল হাৰিছ আল-খাঝৰাজী
اسم الشهرة
বাৰা' ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুমা-
نبذة مختصرة
তেওঁ হৈছে: আবু উমাৰাহ, কাৰোবাৰ মতে: আবু আমৰ, আন কিছুমানৰ মতে: আবু তুফাইল, বাৰা ইবনে আঝিব ইবনিল হাৰিছ আল-খাঝৰাজী। তেওঁ হৈছে এজন সন্মানীয় চাহাবী, তেওঁ নিজৰ বিষয়ে কৈছে: বদৰৰ (যুদ্ধৰ) দিনা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক আৰু ইবনে ওমৰক সৰু বুলি ভাবি ওভতাই পঠিয়াইছিল। সেয়ে তেওঁ বদৰৰ যুদ্ধত উপস্থিত হ’ব পৰা নাছিল। তেওঁৰ পৰা বর্ণিত হৈছে যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে চৌদ্দটা যুদ্ধত অংশগ্রহণ কৰিছিল। বেলেগ এটা বৰ্ণনাত আহিছে: পোন্ধৰাটা যুদ্ধত। তেওঁ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কেইবাটাও হাদীছ বৰ্ণনা কৰিছে। ইয়াৰ বাহিৰেও তেওঁৰ পিতাৰ পৰা, আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা, তেওঁলোকৰ বাহিৰেও অন্যান্য মহান চাহাবাসকলৰ পৰাও বৰ্ণনা কৰিছে। অৱশেষত তেওঁ ৭১ হিজৰীত মৃত্যুবৰণ কৰিছে।