Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মই আবু তালহাৰ ঘৰত মানুহক মদ পৰিৱেশন কৰি আছিলোঁ। সেই সময়ত তেওঁলোকে ফাজীখ মদটোক পছন্দ কৰিছিল। ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজনক নিৰ্দেশ দিলে যে, ঘোষণা কৰি দিয়া, সাৱধান! আজিৰ পৰা মদ হাৰাম কৰা হৈছে। আনাছে কৈছেঃ ঘোষণা শুনি আবু তালহাই মোক ক'লেঃ বাহিৰলৈ যোৱা আৰু মদৰ গোটেই পাত্ৰবোৰ ওলোটাই ঢালি পেলাই দিয়াগৈ। তেতিয়া মই ওলাই আহি সকলো মদৰ পাত্ৰ ঢালি পেলাই দিলোঁ। সেইদিনা মদীনাৰ গলিয়ে গলিয়ে মদ প্ৰবাহিত হৈ আছিল। তেতিয়া কিছুমান লোকে প্ৰশ্ন উত্থাপন কৰিলে যে, ইতিপূৰ্বে যিসকলে মদ সেৱন কৰি মৃত্যুবৰণ কৰিছে তেওঁলোকৰ কি হ'ব? তেতিয়া মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে, তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নহ'ব।" (ছুৰা আল-মায়িদাহঃ ৯৩)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
সৰ্বশক্তিমান আল্লাহৰ এই বাণী সম্পৰ্কে কৈছেঃ {وَمَنْ يُرِدْ فِيهِ بِإِلْحَادٍ بِظُلْمٍ نُذِقْهُ مِنْ عَذَابٍ أَلِيمٍ} [الحج: 25] অৰ্থঃ "হাৰামত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।" তেওঁ কৈছেঃ "যদি কোনো ব্যক্তিয়ে য়ামানত অৱস্থিত আদান চহৰৰ পৰাও ইয়াত দ্বীন বিৰোধী কোনো পাপকৰ্ম কৰাৰ ইচ্ছা কৰে, তথাপিও আল্লাহে তাক কষ্টদায়ক শাস্তি বিহিব।"
ছহীহ ইমাম আহমদ আৰু হাকিমে বৰ্ণনা কৰিছে।
এদিনাখন মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্মবৰৰ ওচৰত আছিলোঁ। তেতিয়া এজনে ক'লেঃ ইছলাম গ্ৰহণৰ পিছত মই এতিয়া যদি বেলেগ কোনো সৎকৰ্ম নকৰোঁ তথাপিও মোৰ কোনো অসুবিধা নাই, কিন্তু মই হাজীসকলক পানী পান কৰায়ে থাকিম। আন এজনে ক'লেঃ মুছলিম হোৱাৰ পিছত মই যদি বেলেগ আন কোনো সৎকৰ্ম নকৰোঁ তথাপিও মোৰ কোনো অসুবিধা নহ'ব, কিন্তু মই মছজিদুল হাৰামৰ মেৰামতিৰ কামত সদায় লাগি থাকিম। আন এজনে ক'লেঃ তোমালোকে যি যি কৈ আছা সেই সকলোবোৰতকৈ আল্লাহৰ পথত জিহাদ কৰাটোহে বেছি উত্তম। এইবোৰ শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক ধমক দি ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰত তোমালোকে এইদৰে উচ্চস্বৰে কথা নক'বা। সেইটো আছিল জুমুআৰ দিন। শুনা! জুমুআৰ চালাত আদায় হোৱাৰ পিছত মই তেখেতৰ ওচৰলৈ গৈ তোমালোকে মতানৈক্য কৰা বিষয়টো সম্পৰ্কে সুধিম। ইপিনে সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে?....." (ছুৰা আত-তাওবাঃ ১৯) আয়াতটোৰ শেষলৈকে।
ছহীহ (মুছলিম)
নিশ্চয় সৰ্বশক্তিমান আল্লাহে অৱতীৰ্ণ কৰিছে যে, "আৰু যিসকলে আল্লাহে অৱতীৰ্ণ কৰা বিধানমতে বিচাৰ নকৰে, সিহঁতেই হৈছে কাফিৰ।" (ছুৰা আল-মায়িদা: ৪৪) আৰু কৈছেঃ "সিহঁতেই হৈছে যালিম।" (ছুৰা আল-মায়িদা: ৪৫) আৰু কৈছেঃ "সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইবনু আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আল্লাহে এইটো ইহুদীসকলৰ দুটা দলৰ বিষয়ে অৱতীৰ্ণ কৰিছিল। অজ্ঞতা যুগত সেই দুটা দলৰ এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। অৱশেষত সিহঁতে ইয়াৰ ওপৰত সন্মত হৈছিল আৰু সন্ধি কৰিছিল যে, প্ৰভাৱশালী দলে যদি দুৰ্বল দলৰ কোনো লোকক হত্যা কৰে, তেন্তে তাৰ দিয়ত (ৰক্তপণ) হ'ব পঞ্চাশ অছাক (খাদ্যদ্ৰৱ্য)। আনহাতে দুৰ্বল দলে যদি প্ৰভাৱশালী দলৰ কোনো লোকক হত্যা কৰে, তেন্তে তাৰ দিয়ত হ'ব এশ অছাক। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ আগমন নকৰালৈকে সিহঁতে এই নিয়মৰ ওপৰতেই চলি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ আগমন কৰাৰ পিছত দুয়োটা দলেই দুৰ্বল হৈ পৰিছিল। তেতিয়ালৈকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা নাছিল আৰু সিহঁতৰ ওপৰত তেখেতৰ আধিপত্য স্থাপন কৰা নাছিল; বৰং তেখেত সেই সময়ছোৱালৈকে সন্ধিৰ অৱস্থাত আছিল। এনে অৱস্থাত সিহঁতৰ মাজৰ দুৰ্বল দলে প্ৰভাৱশালী দলৰ এজন ব্যক্তিক হত্যা কৰিলে। প্ৰভাৱশালী দলে দুৰ্বল দলৰ ওচৰলৈ বাৰ্তা পঠিয়ালে যে, তোমালোকে আমাৰ ওচৰলৈ এশ অছাক ৰক্তপণ পঠিয়াই দিয়া। দুৰ্বল দলে ক'লে: দুটা দলৰ ধর্ম এক, বংশ এক আৰু দেশ এটা হোৱা সত্ত্বেও এটা দলৰ দিয়ত আনটো দলৰ দিয়তৰ তুলনাত কেনেকৈ অৰ্দ্ধেক হ'ব পাৰে? আমি কেৱল তোমালোকৰ অন্যায়-অত্যাচাৰ আৰু তোমালোকৰ ভয়তহে এই অতিৰিক্ত দিয়ত দিছিলোঁ। এতিয়া যিহেতু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমণ ঘটিছে, গতিকে আমি এতিয়া আৰু তোমালোকক সেই পৰিমাণ দিয়ত আদায় নিদিওঁ। ইয়াৰ ফলত দুয়োটা দলৰ মাজত যুদ্ধ হোৱাৰ উপক্ৰম হ'ল। তাৰ পিছত সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মধ্যস্থতাকাৰী হিচাপে মানি লৈ মীমাংসা কৰিবলৈ সন্মত হ'ল। তেতিয়া প্ৰভাৱশালী দলটোৱে (গোপনে বৈঠক কৰি) ক'লে: আল্লাহৰ শপত! মুহাম্মদে তোমালোকক সিহঁতৰ পৰা কেতিয়াও দ্বিগুণ দিয়ত আদায় কৰি নিদিব, বৰং সিহঁতে যি পায়, তোমালোকেও তাকেই পাবা। সিহঁতে কোৱা কথাখিনি মিছা নহয়, আমি কেৱল জোৰ-জবৰদস্তি কৰিহে সিহঁতৰ পৰা এই অতিৰিক্ত দিয়ত লৈছিলোঁ। (তাৰ পিছত সিহঁতে পৰামৰ্শ কৰি সিদ্ধান্ত ল'লে যে,) তোমালোকে মুহাম্মদৰ ওচৰলৈ গোপনে লোক পঠিওৱা, যাতে তেওঁৰ মতামত সম্পৰ্কে অৱগত হ'ব পাৰে। যদি তেওঁ তোমালোকৰ আশা অনুৰূপ সিদ্ধান্ত দিয়ে, তেন্তে তোমালোকে তেওঁক বিচাৰক হিচাপে গ্ৰহণ কৰিবা, আৰু যদি বিপক্ষে ফয়চালা দিয়ে, তেন্তে সাৱধানতা অৱলম্বন কৰি তেওঁক বিচাৰক হিচাপে মানি নল'বা। তাৰ পিছত সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান মুনাফিকক গোপনে পঠিয়ালে, যাতে সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতামত সম্পৰ্কে জ্ঞাত হ'ব পাৰে। যেতিয়া সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলক সিহঁতৰ সকলো উদ্দেশ্য আৰু চক্ৰান্ত সম্পৰ্কে অৱগত কৰালে। সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলে: "হে ৰাছুল! আপুনি সিহঁতৰ বাবে চিন্তিত নহ’ব যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘আমি ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান পোষণ কৰা নাই..." (ছুৰা আল-মায়িদা: ৪১) এই আয়াতলৈকেঃ "কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইয়াৰ পিছত ইবনে আব্বাছে এই দল দুটাৰ বিষয়ে কৈছে: আল্লাহৰ শপত! এই আয়াতবোৰ (বিশেষকৈ) এই দুটা দলক কেন্দ্ৰ কৰিয়ে অৱতীৰ্ণ হৈছিল।
হাছান (আহমদ)