Skip to content

মুৰ্দা ব্যক্তিক কাফন কৰি যেতিয়া তৈয়াৰ কৰা হয়, আৰু মানুহে নিজৰ কান্ধত তুলি লয়, যদি শৱদেহটো নেক ব্যক্তিৰ হয়, তেতিয়া মুৰ্দাই কয়ঃ মোক সোনকালে লৈ যোৱা।

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"মুৰ্দা ব্যক্তিক কাফন কৰি যেতিয়া তৈয়াৰ কৰা হয়, আৰু মানুহে নিজৰ কান্ধত তুলি লয়, যদি শৱদেহটো নেক ব্যক্তিৰ হয়, তেতিয়া মুৰ্দাই কয়ঃ মোক সোনকালে লৈ যোৱা। আনহাতে যদি অসৎ ব্যক্তিৰ হয়, তেতিয়া কয়ঃ হায় আফচোচ! ইহঁতে মোক ক'লৈ লৈ গৈ আছে? মানুহৰ বাহিৰে তাৰ এই আৰ্তনাদ প্ৰত্যেকেই শুনিবলৈ পায়। যদি মানুহে শুনা পালেহেঁতেন তেন্তে বেহুঁচ হৈ পৰিলহেঁতেন।"

«إِذَا وُضِعَتِ الجِنَازَةُ وَاحْتَمَلَهَا الرِّجَالُ عَلَى أَعْنَاقِهِمْ فَإِنْ كَانَتْ صَالِحَةً قَالَتْ: قَدِّمُونِي، وَإِنْ كَانَتْ غَيْرَ صَالِحَةٍ قَالَتْ: يَا وَيْلَهَا أَيْنَ يَذْهَبُونَ بِهَا؟ يَسْمَعُ صَوْتَهَا كُلُّ شَيْءٍ إِلَّا الإِنْسَانَ، وَلَوْ سَمِعَهُ صَعِقَ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুৰ্দাক যেতিয়া গা-গোছল কৰাই কাফন কৰি পাল্কীত ৰখা হয়, আৰু মানুহে কান্ধত তুলি লয়, যদি সেই মুৰ্দা ব্যক্তিজন নেক হয় তেন্তে কয়ঃ মোক সোনকালে লৈ যোৱা, কাৰণ তেওঁ সন্মুখত থকা নিয়ামতবোৰ দেখা পায়। পক্ষান্তৰে যদি মুৰ্দা ব্যক্তিজন অসৎ হয়, তেন্তে চিঞৰি চিঞৰি কয়ঃ হায় মোৰ ধ্বংস! মোক ক'লৈ লৈ যোৱা? কাৰণ সি সন্মুখত থকা শাস্তি দেখিবলৈ পায়। তাৰ এই চিঞৰ বাখৰ প্ৰত্যেকেই শুনা পায় কেৱল মানুহৰ বাহিৰে। যদি সিহঁতে শুনা পালেহেঁতেন তেন্তে ইয়াৰ বিকট শব্দ শুনি সিহঁত বেহুঁচ হৈ গ'লহেঁতেন।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

পূণ্যৱান মুৰ্দাই দাফনৰ পূৰ্বে সুসংবাদ দেখিবলৈ পায়। আনহাতে কাফিৰে ভয় পায় আৰু শাস্তি দেখিবলৈ পায়।

কিছুমান ধ্বনি মানুহৰ বাহিৰে বেলেগে শুনা পায়। মানুহে সেইবোৰ শুনিবলৈ সক্ষম নহয়।

জানাঝা পুৰুষসকলে বহন কৰিব লাগে, নাৰীসকলে নহয়। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰীসকলক জানাঝাৰ অনুসৰণ কৰিবলৈ নিষেধ কৰিছে।

সম্পাদক

ছহীহ বুখাৰী (2/ 85) (1314).

অধিক (8)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 513).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 400).

كنوز رياض الصالحين.

لمجموعة من الباحثين (7/ 122).

شرح رياض الصالحين.

لابن عثيمين (4/ 546).