Skip to content

আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে।" তেওঁ সুধিলেঃ নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ "যিয়ে নামাজৰ ৰুকু ছাজদাহ পৰিপূৰ্ণৰূপে নকৰে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে।" তেওঁ সুধিলেঃ নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ "যিয়ে নামাজৰ ৰুকু ছাজদাহ পৰিপূৰ্ণৰূপে নকৰে।"

«أَسْوَأُ النَّاسِ سَرَقَةً الَّذِي يَسْرِقُ صَلَاتَهُ» قَالَ: وَكَيْفَ يَسْرِقُ صَلَاتَهُ؟ قال: «لَا يُتِمُّ رُكُوعَهَا، وَلَا سُجُودَهَا».

(ইবনে হিব্বান)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে। কাৰণ কাৰোবাৰ সম্পদ চুৰি কৰিলে হয়তো পৃথিৱীত কিছু উপকৃত হ'ব পাৰিব কিন্তু নামাজ চুৰি কৰা ব্যক্তিয়ে ক'তো উপকৃত হ'ব নোৱাৰে। কাৰণ সি ছোৱাব আৰু প্ৰতিদানৰ পৰা নিজকে বঞ্চিতহে কৰে। চাহাবাসকলে হাদীছটো শুনাৰ পিছত প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল! নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ নামাজৰ ৰুকূ ছাজদাহ পৰিপূৰ্ণৰূপে নকৰাটোৱে হৈছে নামাজ চুৰি, যেনে- ৰুকূ ছাজদাত খৰধৰ কৰা, সম্পূৰ্ণৰূপে নকৰা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ধীৰ স্থিৰে খুশ্বু খুজুৰ সৈতে নামাজৰ প্ৰতিটো ৰুকন আদায় কৰা আৰু উত্তমৰূপে নামাজ পঢ়াৰ গুৰুত্ব।

ৰুকু ছাজদাহ পৰিপূৰ্ণৰূপে নকৰাক চুৰিৰ সৈতে তুলনা কৰা হৈছে, কাৰণ সি ইয়াৰ পৰা আঁতৰি গৈছে, লগতে এইটো যে, হাৰাম সেই বিষয়ে সতৰ্ক কৰা হৈছে।

নামাজত ৰুকু ছাজদাহ পৰিপূৰ্ণৰূপে আদায় কৰা আৰু এই ক্ষেত্ৰত মধ্যম পন্থা অৱলম্বন কৰা অনিবাৰ্য।

সম্পাদক

ছহীহ ইবনে হিব্বান (5/ 209) (1888).

অধিক (4)

الشّافي في شرح مسند الشّافعي (1/613).

الكاشف عن حقائق السنن (3/1020).

التنوير (2/373).

نيل الأوطار (2/ 311).