Skip to content

আল্লাহৰ কিতাবৰ পৰা যিয়ে এটা হৰফ (আখৰ) পাঠ কৰিব, ইয়াৰ ফলত তেওঁ এটা ছোৱাব পাব। লগতে প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হ'ব।

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

আল্লাহৰ কিতাবৰ পৰা যিয়ে এটা হৰফ (আখৰ) পাঠ কৰিব, ইয়াৰ ফলত তেওঁ এটা ছোৱাব পাব। লগতে প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হ'ব। মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ।

«مَنْ قَرَأَ حَرْفًا مِنْ كِتَابِ اللهِ فَلَهُ بِهِ حَسَنَةٌ، وَالْحَسَنَةُ بِعَشْرِ أَمْثَالِهَا، لَا أَقُولُ {الم} حَرْفٌ، وَلَكِنْ {أَلِفٌ} حَرْفٌ، وَ{لَامٌ} حَرْفٌ، وَ{مِيمٌ} حَرْفٌ».

(তিৰমিজী)
হাছান
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যেতিয়া কোনো মুছলিম ব্যক্তিয়ে আল্লাহৰ কিতাবৰ কোনো এটা আখৰ তিলাৱত কৰে, তেতিয়া তেওঁ প্ৰতিটো আখৰৰ বিনিময়ত এটাকৈ নেকী লাভ কৰে, আৰু তেওঁৰ সেই নেকীটোক দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হয়। ইয়াৰ পিছত তেখেতে কৈছেঃ (মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ।) ফলত তিনিটা নেকী ত্ৰিছটা নেকীত পৰিণত হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

বেছি বেছি কোৰআন তিলাৱত কৰিবলৈ উৎসাহিত কৰা হৈছে।

কোৰআন তিলাৱতকাৰী ব্যক্তিয়ে প্ৰতিটো আখৰৰ বিনিময়ত এটাকৈ ছোৱাব লাভ কৰে, আৰু সেই ছোৱাবক দহগুণ বৃদ্ধি কৰি প্ৰদান কৰা হয়।

হাদীছটো আল্লাহৰ ৰহমত আৰু দয়াৰ প্ৰমাণ যে, তেওঁ বান্দাসকলক তেওঁৰ অনুগ্ৰহত ছোৱাব বৃদ্ধিকৈ প্ৰদান কৰে।

অন্যান্য বাণীৰ তুলনাত কোৰআনৰ ফজিলত বৰ্ণিত হৈছে, কাৰণ ইয়াৰ তিলাৱত হৈছে ইবাদত, লগতে এইখন হৈছে আল্লাহৰ কালাম।

সম্পাদক

ছুনান তিৰমিজী (5/ 33) (2910).

অধিক (8)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 229).

سلسلة الأحاديث الصحيحة.

للألباني (7/ 970).

شرح رياض الصالحين.

لابن عثيمين (4/ 655).

نزهة المتقين شرح رياض الصالحين.

لمصطفى الخِن وغيره (1/ 742).