Skip to content

“তোমালোকে বেয়া ধাৰণা কৰাৰ পৰা বিৰত থকা, কাৰণ বেয়া ধাৰণা হৈছে আটাইতকৈ ডাঙৰ মিছা কথা।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

“তোমালোকে বেয়া ধাৰণা কৰাৰ পৰা বিৰত থকা, কাৰণ বেয়া ধাৰণা হৈছে আটাইতকৈ ডাঙৰ মিছা কথা। কাৰো দোষ অনুসন্ধান নকৰিবা আৰু কাৰো ত্ৰুটি অনুসন্ধান কৰিবলৈ গুপ্তচৰগিৰি নকৰিবা, পৰস্পৰে হিংসা নকৰিবা, সম্পৰ্কচ্ছেদ নকৰিবা, ইজনে সিজনৰ প্ৰতি বিদ্বেষ পোষণ নকৰিবা, বৰং তোমালোক আটায়ে আল্লাহৰ বান্দা হিচাপে ভাতৃবন্ধত আৱদ্ধ হৈ যোৱা।”

«إِيَّاكُمْ وَالظَّنَّ؛ فَإِنَّ الظَّنَّ أَكْذَبُ الْحَدِيثِ، وَلَا تَحَسَّسُوا، وَلَا تَجَسَّسُوا، وَلَا تَحَاسَدُوا، وَلَا تَدَابَرُوا، وَلَا تَبَاغَضُوا، وَكُونُوا عِبَادَ اللهِ إِخْوَانًا».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা কিছুমান কৰ্মৰ পৰা নিষেধ কৰিছে তথা সতৰ্ক কৰিছে, যিবোৰৰ দ্বাৰা মুছলিমসকলৰ মাজত বিভাজন আৰু শত্ৰুতাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপেঃ (الظن) অৰ্থাৎ প্ৰমাণ নোহোৱাকৈ অন্তৰত কাৰো বিষয়ে বেয়া ধাৰণা পোষণ কৰা। এইটোক আটাইতকৈ ডাঙৰ মিছা কথা বুলি আখ্যা দিয়া হৈছে। (التَّحَسُّس) অৰ্থাৎ শ্ৰৱণশক্তি বা দৃষ্টিশক্তিৰ দ্বাৰা কাৰো দোষ-ত্ৰুটি অনুসন্ধান কৰা। (التَّجَسُّس) অৰ্থাৎ মানুহৰ গোপন তথ্য খুচৰি ফুৰা, বিশেষকৈ এই শব্দটো ব্যৱহাৰ হয় বেয়া দিশ খুচৰি ফুৰাৰ ক্ষেত্ৰত। (الحسد) অৰ্থাৎ কাৰোবাৰ উন্নতিক অপছন্দ কৰা। (التدابر) অৰ্থাৎ ইজনে সিজনৰ লগত সম্পৰ্কচ্ছেদ কৰা, সাক্ষাৎ নকৰা আৰু ছালাম নিদিয়া। (التباغض) অৰ্থাৎ ইজনে সিজনৰ প্ৰতি বিদ্বেষ পোষণ কৰা আৰু ঘৃণা কৰা। এক কথাত আনক কষ্ট দিয়া, সাক্ষাৎ হ'লে ভ্ৰু কোঁচাই লোৱা আদি। ইয়াৰ পিছত তেখেতে এনেকুৱা এটা ব্যাপক বাক্য কৈছে, যি বাক্যই মুছলিমসকলৰ মাজত থকা পৰস্পৰ সম্পৰ্কক মজবুত কৰিব। তেখেতে কৈছে (হে আল্লাহৰ বান্দাসকল! তোমালোকে ইজনে সিজনৰ সৈতে ভাতৃত্ববন্ধনত আৱদ্ধ হৈ যোৱা) ভাতৃত্ববোধ হৈছে এনেকুৱা এটা বান্ধোন যাৰ যোগেদি মানুহৰ মাজত সুস্থ সম্পৰ্ক গঢ়ি উঠে আৰু সিহঁতৰ মাজত মুহাব্বত আৰু ঘনিষ্টতা বৃদ্ধি পায়।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আভাস পোৱা ব্যক্তিৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰাটো কোনো দোষণীয় বিষয় নহয়, কিন্তু তথাপিও মুমিনসকলে সচেতন আৰু বিচক্ষণতাৰ পৰিচয় দিয়া উচিত; যাতে চৰিত্ৰহীন, ফাছিক মানুহে তেওঁলোকৰ লগত প্ৰতাৰণা কৰিব নোৱাৰে।

ইয়াৰ উদ্দেশ্য হৈছে, সেইসমূহ অপবাদৰ পৰা সতৰ্ক কৰা যিটো অন্তৰত গাঁথি পৰে, আৰু তাৰ প্ৰতি ধাৰাবাহিকভাৱে বেয়া ধাৰণা থাকি যায়। কিন্তু যিবোৰ ধাৰণা অন্তৰত উদ্ভৱ হোৱাৰ পিছত বেছি সময় নাথাকে সেইবোৰ দোষণীয় নহয়।

মুছলিম সমাজৰ ব্যক্তিবৰ্গৰ মাজত বিভাজন সৃষ্টি কৰিব পৰা সকলো প্ৰকাৰ মাধ্যমকে হাৰাম কৰা হৈছে। উদাহৰণস্বৰূপেঃ দোষ-ত্ৰুটি অনুসন্ধান কৰা, হিংসা বিদ্বেষ আদি পোষণ কৰা, ইয়াৰ বাহিৰেও অন্যান্য সকলো মাধ্যম।

মুছলিমৰ যিকোনো বিষয়তে এজন ভাই হিচাপে হিতাকাংক্ষী আৰু ঘনিষ্টতাৰ দিশ অৱলম্বন কৰিবলৈ উপদেশ দিয়া হৈছে।

সম্পাদক

ছহীহ বুখাৰী (8/ 19) (6064).

ছহীহ মুছলিম (4/ 1985) (2563).

অধিক (6)

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 219).

توضيح الأحكام من بلوغ المرام.

للبسام (7/ 414).

فتح ذي الجلال والإكرام بشرح بلوغ المرام.

لابن عثيمين (6/ 363).