Skip to content

নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোবৰ বা হাড় আদিৰে ইস্তিঞ্জা (পৰিষ্কাৰ) কৰিবলৈ নিষেধ কৰিছে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোবৰ বা হাড় আদিৰে ইস্তিঞ্জা (পৰিষ্কাৰ) কৰিবলৈ নিষেধ কৰিছে। তেখেতে আৰু কৈছে: "নিশ্চয় এইবোৰে পৰিষ্কাৰ নকৰে।"

إِنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ نَهَى أَنْ يُسْتَنْجَى بِرَوْثٍ أَوْ عَظْمٍ، وَقَالَ: «إِنَّهُمَا لَا تُطَهِّرَانِ».

(দাৰু কুতনী)
ছহীহ
ব্যাখ্যা

প্ৰস্ৰাৱ বা পায়খানা কৰাৰ পিছত জন্তুৰ হাড়, শুকান গোবৰ বা অন্যান্য অশুচি বস্তুৰে পৰিষ্কাৰ কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে, তেখেতে আৰু কৈছেঃ ইয়াৰ দ্বাৰা অপৱিত্ৰতা দূৰ নহয়, তথা ইয়াৰ দ্বাৰা পৱিত্ৰতাও অৰ্জন নহয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত শৌচ-প্ৰস্ৰাৱ সম্পৰ্কীয় কেইটামান নিয়ম-নীতি বৰ্ণিত হৈছে।

গোবৰৰ দ্বাৰা লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰা হৈছে, ইয়াৰ এটা কাৰণ হৈছে ই অপৱিত্ৰ আৰু আন এটা কাৰণ হৈছে, ই হৈছে জীনসকলৰ পশুৰ খাদ্য।

এইদৰে হাড় আদিৰ দ্বাৰা লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰা হৈছে। কাৰণ হয় এইটো অপৱিত্ৰ, নাইবা এইটো হৈছে জীনসকলৰ খাদ্য।

সম্পাদক

ছুনান দাৰু কুতনী (1/ 88) (152).

অধিক (6)

توضيح الأحكام مِن بلوغ المرام.

لعبد الله البسام (1/ 355).

سبل السلام.

للصنعاني (1/ 118).

مرقاة المفاتيح شرح مشكاة المصابيح.

لعلي القاري (1/ 374).