তোমালোকে ইয়াহুদীসকলৰ সৈতে যুদ্ধ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব। (সেই যুদ্ধৰ সময়ত) কোনো ইয়াহুদী শিলৰ পিছফালে লুকাই থাকিলে, সেই শিলে চিঞৰি ক'বঃ হে মুছলিম! এয়া চোৱা মোৰ পিছফালে ইয়াহুদী এজন লুকাই আছে, ইয়াক হত্যা কৰা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকে ইয়াহুদীসকলৰ সৈতে যুদ্ধ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব। (সেই যুদ্ধৰ সময়ত) কোনো ইয়াহুদী শিলৰ পিছফালে লুকাই থাকিলে, সেই শিলে চিঞৰি ক'বঃ হে মুছলিম! এয়া চোৱা মোৰ পিছফালে ইয়াহুদী এজন লুকাই আছে, ইয়াক হত্যা কৰা।
«لاَ تَقُومُ السَّاعَةُ حَتَّى تُقَاتِلُوا اليَهُودَ، حَتَّى يَقُولَ الحَجَرُ وَرَاءَهُ اليَهُودِيُّ: يَا مُسْلِمُ، هَذَا يَهُودِيٌّ وَرَائِي فَاقْتُلْهُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, ইয়াহুদী আৰু মুছলিমসকলৰ মাজত মহাৰণ নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। অৱশেষত ইয়াহুদীসকলে মুছলিমসকলৰ পৰা পলায়ন কৰি শিলৰ আঁৰত লুকাব। ফলত আল্লাহে শিলকো বাক শক্তি প্ৰদান কৰিব আৰু সি মুছলিমক মাতি ক'ব যে, তাৰ পিছফালে ইয়াহুদী লুকাই আছে, আহি হত্যা কৰাহি।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গায়েব তথা ভৱিষ্যত সম্পৰ্কীয় কিছুমান খবৰ দিছে, যিবোৰৰ বিষয়ে আল্লাহে তেখেতক অৱগত কৰাইছে, আৰু এইবোৰ নিশ্চিতভাৱে সংঘটিত হ'ব।
ইয়াহুদী আৰু মুছলিমসকলৰ মাজৰ এই ৰণ শেষ জামানাত সংঘটিত হ'ব, যিটোক কিয়ামতৰ আলামত হিচাপে উল্লেখ কৰা হৈছে।
হাদীছটোৰ দ্বাৰা বুজা গ'ল যে, ইছলাম ধৰ্মটো কিয়ামত পৰ্যন্ত অৱশিষ্ট থাকিব, লগতে ই সকলো ধৰ্মৰ ওপৰত বিজয় লাভ কৰিব।
এই কথাও বুজা গ'ল যে, মুছলিমসকলৰ শত্ৰুক পৰাস্ত কৰিবলৈ আল্লাহে তেওঁলোকক সহায় কৰিব, সেইকাৰণে শেষ জামানাত শিলেও কথা ক'ব।
ছহীহ বুখাৰী (4/ 42) (2926).
ছহীহ মুছলিম (4/ 2238) (2921).
অধিক (1)
عمدة القاري (14/199) الكوكب الوهاج شرح صحيح مسلم (26/198).