যি বস্তুৰ বেছি খালে নিচা হয়, সেইটোৰ কম পৰিমাণো হাৰাম।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যি বস্তুৰ বেছি খালে নিচা হয়, সেইটোৰ কম পৰিমাণো হাৰাম।"
«مَا أَسْكَرَ كَثِيرُهُ فَقَلِيلُهُ حَرَامٌ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিকোনো খাদ্য বস্তু অথবা পানীয় বস্তু, যিটো বেছি পৰিমাণে খালে নিচা হয়, মানুহ মাতাল হৈ পৰে, তেনেকুৱা বস্তু কম পৰিমাণে খোৱাটোও হাৰাম, যদিও কম পৰিমাণে খালে নিচা নহয়।
চৰীয়তে মানুহৰ বিবেকক সুৰক্ষা প্ৰদান কৰিছে।
বেয়া কৰ্ম আৰু অনুচিত বিষয়ৰ সকলো দুৱাৰ পৰিপূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।
নিচা জাতীয় বস্তুৰ কম পৰিমাণ ব্যৱহাৰ কৰাও হাৰাম, যিহেতু এইটো নিচা হোৱাৰ মাধ্যম।
যিটো বস্তু বেছি খালেও নিচা নহয় আৰু কম খালেও নহয়, তেনেকুৱা বস্তু হাৰাম নহয়।
ছুনান আবি দাঊদ (5/ 523) (3681).
ছুনান তিৰমিজী (3/ 442) (1865).
ছুনান ইবনে মাজাহ (4/ 475) (3393).
মুছনাদ আহমদ (23/ 51) (14703).
অধিক (3)
فتح ذي الجلال والإكرام بشرح بلوغ المرام (5/ 418).
شرح سنن أبي داود للعباد (417/ 9).
النهاية في غريب الحديث والأثر (437).