Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক (গভৰ্ণৰ হিচাপে) য়ামানলৈ প্ৰেৰণ কৰিছিল। তেওঁ য়ামানত প্ৰস্তুত হোৱা কেইটামান নিচা জাতীয় পানীয় সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে। তেখেতে ক'লেঃ সেইবোৰ কি? তেওঁ ক'লেঃ "সেয়া হৈছে (الْبِتْعُ وَالْمِزْرُ) আল-বিত্উ, অল-মিঝ্ৰ।" বৰ্ণনাকাৰীয়ে আবু বুৰদাক সুধিছিলঃ বিত্উ কাক বোলে? তেওঁ কৈছিলঃ মৌয়েৰে প্ৰস্তুত কৰা এবিধ পানীয়, আৰু মিঝ্ৰ হৈছে, যৱেৰে প্ৰস্তুত কৰা এবিধ পানীয়। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ উত্তৰত কৈছিলঃ "প্ৰত্যেক নিচা জাতীয় দ্ৰৱ্যই হৈছে হাৰাম।" (বুখাৰী)
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
"প্ৰতিটো নিচা জাতীয় বস্তুৱে হৈছে মাদকদ্ৰৱ্যৰ অন্তৰ্ভুক্ত, আৰু প্ৰতিটো নিচা জাতীয় বস্তুৱে হাৰাম। যিয়ে পাৰ্থিৱ জীৱনত মাদক দ্ৰৱ্য সেৱন কৰিব আৰু এই ক্ষেত্ৰক অভ্যস্ত হৈ তাওবা নকৰাকৈ মৃত্যুবৰণ কৰিব, আখিৰাতত সি শ্বাৰাব সেৱনৰ পৰা বঞ্চিত হ'ব।"
ছহীহ (হাদীছটো মুছলিমে বৰ্ণনা কৰিছে, কিন্তু শেষৰ বাক্যটো বুখাৰীৰ বৰ্ণনা)
"যি বস্তুৰ বেছি খালে নিচা হয়, সেইটোৰ কম পৰিমাণো হাৰাম।"
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
মই আবু তালহাৰ ঘৰত মানুহক মদ পৰিৱেশন কৰি আছিলোঁ। সেই সময়ত তেওঁলোকে ফাজীখ মদটোক পছন্দ কৰিছিল। ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজনক নিৰ্দেশ দিলে যে, ঘোষণা কৰি দিয়া, সাৱধান! আজিৰ পৰা মদ হাৰাম কৰা হৈছে। আনাছে কৈছেঃ ঘোষণা শুনি আবু তালহাই মোক ক'লেঃ বাহিৰলৈ যোৱা আৰু মদৰ গোটেই পাত্ৰবোৰ ওলোটাই ঢালি পেলাই দিয়াগৈ। তেতিয়া মই ওলাই আহি সকলো মদৰ পাত্ৰ ঢালি পেলাই দিলোঁ। সেইদিনা মদীনাৰ গলিয়ে গলিয়ে মদ প্ৰবাহিত হৈ আছিল। তেতিয়া কিছুমান লোকে প্ৰশ্ন উত্থাপন কৰিলে যে, ইতিপূৰ্বে যিসকলে মদ সেৱন কৰি মৃত্যুবৰণ কৰিছে তেওঁলোকৰ কি হ'ব? তেতিয়া মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে, তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নহ'ব।" (ছুৰা আল-মায়িদাহঃ ৯৩)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})