Skip to content

মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ. দুই ৰাকাত জোহৰৰ পূৰ্বে আৰু দুই ৰাকাত জোহৰৰ পিছত, মাগৰিবৰ পিছত ঘৰত দুই ৰাকাত আৰু ঈশ্বাৰ পিছত ঘৰত দুই ৰাকাত, আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত, এইটো হৈছে এনেকুৱা সময় যিটো সময়ত তেখেতৰ ওচৰলৈ কোনো যোৱা নাছিল, কিন্তু মোক হাফচা (ৰাদ্বিয়াল্লাহু আনহাই) জনাইছে যে, ফজৰ উদয় হোৱাৰ পিছত মুআজ্জিনে যেতিয়া আজান দিছিল তেতিয়া তেখেতে দুই ৰাকাত নামাজ পঢ়িছিল। আন এটা বৰ্ণনাত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ পিছত দুই ৰাকাত পঢ়িছিল।

حَفِظْتُ مِنَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَشْرَ رَكَعَاتٍ: رَكْعَتَيْنِ قَبْلَ الظُّهْرِ، وَرَكْعَتَيْنِ بَعْدَهَا، وَرَكْعَتَيْنِ بَعْدَ المَغْرِبِ فِي بَيْتِهِ، وَرَكْعَتَيْنِ بَعْدَ العِشَاءِ فِي بَيْتِهِ، وَرَكْعَتَيْنِ قَبْلَ صَلاَةِ الصُّبْحِ، وَكَانَتْ سَاعَةً لاَ يُدْخَلُ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِيهَا، حَدَّثَتْنِي حَفْصَةُ أَنَّهُ كَانَ إِذَا أَذَّنَ المُؤَذِّنُ وَطَلَعَ الفَجْرُ صَلَّى رَكْعَتَيْنِ، وَفِي لَفْظٍ: أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ يُصَلِّي بَعْدَ الْجُمُعَةِ رَكْعَتَيْنِ.

(ইয়াৰ সকলো ৰিৱায়াত মুত্তাফাক আলাইহ)
ছহীহ
ব্যাখ্যা

আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰিছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নফল নামাজৰ বিষয়ে সংৰক্ষণ কৰি ৰাখিছে, যিবোৰক ছুনান আৰ-ৰাৱাতিব বুলি কোৱা হয়। দুই ৰাকাত হৈছে জোহৰৰ আগত আৰু দুই ৰাকাত হৈছে জোহৰৰ পিছত। মাগৰিবৰ পিছত ঘৰত দুই ৰাকাত। ঈশ্বাৰ পিছত ঘৰত দুই ৰাকাত। ফজৰৰ পূৰ্বে দুই ৰাকাত। এয়া হৈছে সম্পূৰ্ণ দহ ৰাকাত। আনহাতে তেখেতে জুমুআৰ নামাজৰ পিছতো দুই ৰাকাতে পঢ়িছিল।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এই নফল নামাজবোৰ নিয়মিতভাৱে আদায় কৰাটো হৈছে পছন্দনীয় আমল।

ছুন্নত নামাজবোৰ ঘৰত আদায় কৰাটো হৈছে চৰীয়ত সন্মত।

সম্পাদক

ছহীহ বুখাৰী (2/ 58-59) (1180.

1181).

ছহীহ মুছলিম (2/ 601) (882).

অধিক (2)

تيسير العلام شرح عمدة الأحكام.

للبسام (ص112).