Skip to content

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।

ওৱাবিছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।

أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَأَى رَجُلًا صَلَّى وَحْدَهُ خَلْفَ الصَّفِّ، فَأَمَرَهُ أَنْ يُعِيدَ صَلَاتَهُ.

(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
হাছান
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখিলে যে, এজন ব্যক্তি শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়িছে। এই দেখি তেখেতে তাক নামাজ পুনৰ পঢ়িবলৈ নিৰ্দেশ দিলে। কাৰণ এনেকৈ নামাজ পঢ়িলে নামাজ শুদ্ধ নহয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

জামাআতত নামাজ পঢ়াৰ ক্ষেত্ৰত আগভাগ ল'বলৈ উৎসাহিত কৰা হৈছে। লগতে শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হ'ব নালাগে, অন্যথা নামাজ বাতিল হ'ব।

ইবনু হাজাৰে কৈছেঃ যদি কোনোবাই শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজত প্ৰৱেশ কৰিছে আৰু ৰূকুৰ পৰা উঠাৰ আগতে যদি শাৰীত প্ৰৱেশ কৰে তেন্তে তেওঁৰ বাবে সেই নামাজ পুনৰ পঢ়াৰ প্ৰয়োজন নাই। কিয়নো ইয়াৰ প্ৰমাণ আবূ বাকৰাৰ হাদীছত পোৱা যায়। আনহাতে ইয়াৰ বাহিৰে ওৱাবিছাৰ হাদীছটোৰ অৰ্থ ব্যাপক।

সম্পাদক

ছুনান আবি দাঊদ (2/ 18) (682).

ছুনান তিৰমিজী (1/ 268) (230).

ছুনান ইবনে মাজাহ (2/ 137) (1004).

মুছনাদ আহমদ (29/ 524) (18000).

অধিক (6)

سبل السلام شرح بلوغ المرام.

لمحمد الصنعاني (1/ 378).

توضيح الأحكام مِن بلوغ المرام.

لعبد الله البسام (2/ 509).

فتح ذي الجلال والإكرام شرح بلوغ المرام.

لابن عثيمين (2/ 288).