Skip to content

আপুনি এই বিষয়ে কি কয়, যদি মই ফৰজ ছালাত আদায় কৰোঁ, ৰমজান মাহৰ চওম পালন কৰোঁ, হালালক হালাল বুলি আৰু হাৰামক হাৰাম বুলি গণ্য কৰোঁ,

আবূ আব্দিল্লাহ জাবিৰ ইবনে আব্দিল্লাহ আল-আনচাৰী (ৰাদ্বিয়াল্লাহু ‘আনহুমা)ৰ পৰা বৰ্ণিত,

"এজন ব্যক্তিয়ে ৰাছুলুল্লাহ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম)ক সুধিলে: আপুনি এই বিষয়ে কি কয়, যদি মই ফৰজ ছালাত আদায় কৰোঁ, ৰমজান মাহৰ চওম পালন কৰোঁ, হালালক হালাল বুলি আৰু হাৰামক হাৰাম বুলি গণ্য কৰোঁ, আৰু ইয়াতকৈ বেছি একো নকৰোঁ, তেনেহ’লে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিমনে? তেখেতে ক’লে: হয়।"

أَنَّ رَجُلًا سَأَلَ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: أَرَأَيْتَ إِذَا صَلَّيْتُ المَكْتُوبَاتِ، وَصُمْتُ رَمَضَانَ، وَأَحْلَلْتُ الحَلَالَ، وَحَرَّمْتُ الحَرَامَ، وَلَمْ أَزِدْ عَلَى ذَلِكَ شَيْئًا، أَأَدْخُلُ الجَنَّةَ؟ قَالَ: «نَعَمْ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যিয়ে পাঁচ ওৱাক্ত চালাত নিয়মিতভাৱে আদায় কৰিব, আৰু ইয়াৰ অতিৰিক্ত কোনো নফল আদায় নকৰিব, এইদৰে ৰমাজানৰ ৰোজা পালন কৰিব আৰু কোনো নফল ৰোজা নকৰিব, লগতে হালালক হালাল হিচাপে বিশ্বাস কৰি পালন কৰিব আৰু হাৰামক হাৰাম হিচাপে বিশ্বাস কৰি আঁতৰি থাকিব, সেই ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ফৰজসমূহ আদায় কৰিবলৈ আৰু হাৰামৰ পৰা বিৰত থাকিবলৈ প্ৰতিজন মুছলিমৰ আগ্ৰহ থকাটো বাঞ্চনীয়, আৰু ইয়াৰ মূল উদ্দেশ্য হ'ব লাগিব জান্নাতত প্ৰৱেশ।

হালালক হালাল বুলি বিশ্বাস কৰা আৰু হাৰামক হাৰাম বুলি বিশ্বাস কৰাৰ গুৰুত্ব।

ওৱাজিবসমূহ পালন কৰা আৰু হাৰামৰ পৰা বিৰত থকাটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম কাৰণ।

সম্পাদক

ছহীহ মুছলিম (1/ 44) (15).

অধিক (3)

جامع العلوم والحكم (1/513).

شرح الأربعين النووية للعثيمين (ص: 215).

فتح القوي المتين في شرح الأربعين للعباد (ص 77).