ফিতৰাত (অৰ্থাৎ মানুহৰ জন্মগত স্বভাৱ) হৈছে পাঁচটা: খাতনা কৰা; লজ্জাস্থানৰ নোম কাটি পৰিস্কাৰ কৰা; মোচ বা গোঁফ চুটি কৰা, নখ কটা; কাষলতিৰ নোম উঘালি পেলোৱা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ফিতৰাত (অৰ্থাৎ মানুহৰ জন্মগত স্বভাৱ) হৈছে পাঁচটা: খাতনা কৰা; লজ্জাস্থানৰ নোম কাটি পৰিস্কাৰ কৰা; মোচ বা গোঁফ চুটি কৰা, নখ কটা; কাষলতিৰ নোম উঘালি পেলোৱা।"
«الفِطْرَةُ خمسٌ: الخِتَانُ والاستحدادُ وقصُّ الشَّارِبِ وتقليمُ الأظفارِ وَنَتْفُ الآبَاطِ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দ্বীন ইছলামৰ পাঁচটা নীতি তথা ৰাছুলসকলৰ ছুন্নত বৰ্ণনা কৰিছে। তাৰে প্ৰথমটো হৈছে, খাতনাহ কৰা। অৰ্থাৎ পুৰুষ লিংগৰ মূৰৰ অতিৰিক্ত ছাল কাটি পেলোৱা আৰু নাৰীসকলৰ লজ্জাস্থানৰ ভেদ কৰা ঠাইৰ ওপৰত থকা ছালৰ কিছু অংশ কাটি পেলোৱা। দ্বিতীয়টো হৈছেঃ লজ্জাস্থানৰ আশে পাশে থকা নোম বা চুলিবোৰ খুৰাই পেলোৱা। তৃতীয়টো হৈছে, মোচ বা গোঁফ চুটি কৰা। অৰ্থাৎ পুৰুষ মানুহৰ ওঠৰ ওপৰত গজা চুলিবোৰ চুটি কৰা, যাতে ওঠ দেখা যায়। চতুৰ্থটো হৈছে, নখ কটা। পঞ্চমটো হৈছে, কাষলতিৰ চুলি উঘালি পেলোৱা।
...:
ৰাছুলসকলৰ এই ছুন্নতবোৰক আল্লাহে ভাল পায় তথা পছন্দ কৰে, লগতে ইয়াৰ দ্বাৰা পৰিপূৰ্ণৰূপে পৰিস্কাৰ-পৰিচ্ছন্ন হ'বলৈ আৰু সৌন্দৰ্য অৱলম্বন কৰিবলৈ আহ্বান কৰে।
এইবোৰক নিয়মিত পালন কৰা উচিত, অৱহেলা কৰা অনুচিত।
এই স্বভাৱবোৰত দ্বীনি আৰু দুনিয়াবী উভয় জগতৰ উপকাৰিতা আছে, যেনে: সুন্দৰ আকৃতি, শৰীৰৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, পৱিত্ৰতাৰ প্ৰতি সতর্কতা আৰু কাফিৰসকলৰ নিদর্শনৰ বিৰোধিতা, লগতে ইয়াৰ দ্বাৰা আল্লাহৰ আদেশ বাস্তৱায়ন হয়।
অন্যান্য হাদীছত এই পাঁচটাতকৈও অধিক স্বভাৱ বৰ্ণিত হৈছে। যেনে- দাড়ি দীঘল কৰা, মিছৱাক কৰা আদি।
ছহীহ বুখাৰী (7/ 160) (5891).
ছহীহ মুছলিম (1/ 222) (257).
অধিক (7)
عمدة الأحكام (ص44) (30).
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 45).
تيسير العلام شرح عمدة الأحكام.
للبسام (ص58).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (1/ 72).